ডিজিটেল ডেস্ক, ANEWS24X7: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চলি থকা ৰেগিংৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়তো সংঘটিত হৈছে একেধৰণৰ ঘটনা। অস্থিৰোগ বিভাগৰ দুগৰাকী ছাত্ৰক ছমাহৰ বাবে বহিষ্কাৰ কৰিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।
যদিও ২১ নৱেম্বৰত এই জাননী জাৰি কৰা হৈছিল, কিন্তু শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰেগিঙৰ গোচৰৰ পিছতে পোহৰলৈ আহিছে এই ঘটনা । যোৱা ২১ নৱেম্বৰৰ পৰা ৬ মাহৰ বাবে বহিষ্কৃত হৈ আছে অস্থি বিভাগৰ ছাত্ৰ ক্ৰমে ডাঃ চয়ন মূখাৰ্জী আৰু ডাঃ ছাকেট ছৰফ। হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰিছে ছাত্ৰ দুজনক।
এজন নৱাগত ছাত্ৰৰ ককায়েকে ই–মেইলযোগে তেওঁৰ ভাতৃক ৰেগিং কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল। অভিযোগৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই দুই জ্যেষ্ঠ চিকিৎসক ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।