ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰিটিছ ৰাজনীতিবিদ বব ব্লেকমেনে বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰখন সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থন কৰিছে। ব্ৰিটেইনৰ ৰক্ষণশীল সাংসদ গৰাকীয়ে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত বিবিচিৰ তথ্যচিত্ৰখন “সম্পূৰ্ণৰূপে অতিৰঞ্জিত” আছিল। প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত এয়া বিবিচিৰ নিজা মতামত। ই কোনো ধৰণে ব্ৰিটিছ চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে। তথ্যচিত্ৰখন অনৈতিকভাৱে নিৰ্মাণ কৰা হৈছে, ভাৰত ব্ৰিটেইনৰ বন্ধু ৰাষ্ট্ৰ।
ব্লেকমেনে এইদৰে কয়, ”দুটা খণ্ডৰ তথ্যচিত্ৰখন বেয়া সাংবাদিকতাৰ ফল। এইখন তথ্যচিত্ৰ ভুল গৱেষণা কৰি তৈয়াৰ কৰা হৈছে।”
ইয়াৰ পূৰ্বে ২৫ জানুৱাৰীত ব্লেকমেনে কাশ্মীৰী পণ্ডিতসকলৰ বিৰুদ্ধে সংঘটিত “গণহত্যা” সম্পৰ্কে লোকসকলক সজাগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ কয়, “কাশ্মীৰী পণ্ডিতসকলৰ ৩৩ বছৰৰ গণহত্যাক স্মৰণ কৰিবলৈ মই আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে শোক সভালৈ গৈছিলো। আমি এই অত্যাচাৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰা অব্যাহত ৰাখিম, যাৰ ফলত ১৯৯০ চনত বহুতো কাশ্মীৰী পণ্ডিতে তেওঁলোকৰ ঘৰ এৰিবলৈ বাধ্য হৈছিল। ”
ইয়াৰ পূৰ্বে, বিভিন্ন সময়ত ইছলাম বিৰোধী মন্তব্য কৰি ব্লেকমেন বিতৰ্কত লিপ্ত হৈছে। ইয়াৰ উপৰিও হিন্দুত্ববাদী সংগঠনসমূহৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্কও বাৰে বাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
এক ঘণ্টাৰ তথ্যচিত্ৰ ” ইণ্ডিয়া: দ্য মোদী কুৱেচন’ত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী মোদীৰ সময়ত দুই দশক পূৰ্বে সংঘটিত গোধ্ৰা ঘটনা আৰু সাম্প্ৰদায়িক হিংসাৰ বিষয়ে আলোচনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰা তথ্যচিত্ৰখনৰ সন্দৰ্ভত আপত্তি প্ৰকাশ কৰিছিল। বিবিচিৰ তথ্যচিত্ৰখনো ভাৰতত নিষিদ্ধ কৰা হয়। প্ৰধানমন্ত্ৰীৰ সমৰ্থকে ইয়াক বিবিচিৰ একপক্ষীয় “প্ৰচাৰ” বুলি অভিহিত কৰি দাবী কৰে যে তথ্যচিত্ৰখন ঔপনিৱেশিক মানসিকতাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। অৱশ্যে, বিবিচিয়ে দাবী কৰে যে তথ্যচিত্ৰখন যথেষ্ট গৱেষণাৰ পিছত নিৰ্মাণ কৰা হৈছে। বিৰোধী নেতাসকলে মোদী চৰকাৰৰ পদক্ষেপক “চেঞ্চৰশ্বিপ” বুলি অভিহিত কৰিছে। আনকি কেন্দ্ৰই তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ পাছতো, ইয়াক দেশৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা হৈছে। বিবিচিৰ তথ্যচিত্ৰক লৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছে।