Tuesday, March 10, 2026
Homeআন্তঃৰাষ্ট্ৰীয়পুটিন বিৰোধী ৰাজনৈতিক নেতাৰ হোটেলত ৰহস্যজনক মৃত্যু

পুটিন বিৰোধী ৰাজনৈতিক নেতাৰ হোটেলত ৰহস্যজনক মৃত্যু

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰোধী ৰাছিয়ান ব্যৱসায়ী আৰু ৰাজনীতিবিদৰ ৰহস্যজনক ভাৱে মৃত্যু ৷হোটেলৰ কোঠাত ৰহস্যজনক ভাৱে মৃত্যু ৰাছিয়ান ব্যৱসায়ী পাভেল এন্টভ আৰু তেওঁৰ সহযোগী ভ্লাডিমিৰ বুদানভৰ ৷ ২২ ডিচেম্বৰত ৰায়গড় জিলাৰ এখন হোটোলৰ কোঠাৰ পৰা বুদানোভৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে ২৪ ডিচেম্বৰত নিশা হোটেলৰ সন্মুখৰ পৰা এন্টভৰ ৰক্তক্ষয়ী মৃতদেহ উদ্ধাৰ কৰা হয় ৷

প্ৰথম অৱস্থাত অত্যাধিক সুৰাপানৰ ফলত এন্টভৰ মৃত্যু হৈছিল বুলি ধাৰণা কৰা হৈছিল ৷ আৰক্ষীৰ তথ্য অনুসৰি হোটেলখনৰ চতুৰ্থ মহলাৰ পৰা পৰি এন্টভৰ মৃত্যু হয় ৷পাভেল এণ্টভ আৰু ভ্লাডিমিৰ বুদানভ সম্পৰ্কত দুয়ো পতি-পত্নি ৷ ৰাছিয়ান সম্পতীহালৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হৈছে পাঁচ জনীয়া সমিতি ৷ উৰিষ্যা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ ৷

এন্টভ ৰছিয়াৰ প্ৰাদেশিক আইনসভাৰ সদস্য আছিল ৷ এন্টিভ ৰাছিয়াৰ পুটিন বিৰোধী ৰাজনৈতিক শিবিৰৰ অন্যতম মুখ আছিল ৷ তেওঁৰ ৬৬ তম জন্মদিন উপলক্ষে ভাৰত ভ্ৰমণলৈ আহিছিল ৷এন্টভৰ সৈতে তেওঁৰ সহযোগি বুডেনোভকে ধৰি তিনিজন লোক আছিল ৷ ৰাছিয়াৰ কনচুলৰ জেনেৰেল আলেক্সি ইদামকিয়ে দাবী কৰিছিল যে ,‘‘এন্টিভে ৰায়গড়ৰ হোটেলৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল ৷’’

উল্লেখ্য যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দুজন বিৰোধী সমালোচকৰ ৰহস্যজনক মৃত্যুৱে এতিয়া জোকাৰণি সৃষ্টি কৰিছে ৰাছিয়াৰ ৰাজনীতিত ৷ ৰাছিয়াৰ দূতাবাসে আৰু প্ৰৰম্ভিক আৰক্ষীৰ অনুসন্ধানে এই ঘটনাক আত্মহত্যা বুলি দাবী কৰিছে ৷ কিন্তু পাভেল এন্টভৰ ৰহস্যজনক মৃত্যুৰ আঁৰত অন্য কিবা ৰহস্য আছে বুলি জল্পনা-কল্পনা চলিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments