ডিজিটেল ডেস্ক ANEWS24x7: অৱসৰৰ পূৰ্বে জনতা ভৱনত মুখ্য সচিব জিষ্ণু বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক । APSCৰ কেলেংকাৰী সন্দৰ্ভত অনুষ্ঠিত কৰা হৈছে এই বৈঠক । APSC কেলেংকাৰী তদন্ত সন্দৰ্ভত কেবিনেটে গঠন কৰি দিয়া ৫ জনীয়া সমিতিৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈও আলোচনা কৰা হ’ব এই বৈঠকত ।
বি কে শৰ্মা আয়োগে ৰাজ্যৰ মুঠ ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিছিল ।
উল্লেখ্য যে কেবিনেটে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন পুনৰীক্ষণ কৰিবৰ বাবে এই ৫ জনীয়া সমিটি গঠন কৰি দিছে । মুখ্য সচিব জিষ্ণু বৰুৱাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা এই সমিটিত সদস্য-সচিবৰ দায়িত্বত প্ৰধান সচিব নীৰজ বাৰ্মা , কমিটীৰ সদস্য অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু সদস্য হিচাপে আছে জ্যেষ্ঠ অধিবক্তা নলিন কোহলিও । পুনৰীক্ষণ সমিতিৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজ্যৰ ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ ভৱিষ্যত ৷