Tuesday, March 10, 2026
Homeঅসমঅসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ সংশোধিত ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ সংশোধিত ফলাফল ঘোষণা

আজি পুনৰ ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ (Assam Public Service Commission Combined Competitive Examination, 2024)ৰ সংশোধিত ফলাফল। অসম লোকসেৱা আয়োগে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাসমূহৰ বাবে সৰ্বমুঠ ২৮৮গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। উল্লেখযোগ্য যে, কালি ফলাফল ঘোষণা কৰাৰ পিছত অসম লোকসেৱা আয়োগে কিছু সময় পিছতে এক জাননী জাৰি কৰি তাৎক্ষণিকভাৱে বাতিল কৰিছিল সেই ফলাফল। এক জাননী জাৰি কৰি আয়োগে অৱগত কৰিছিল যে ঘোষিত ফলাফলটোত কিছু অনিচ্ছাকৃত বিসংগতি আৰু ত্ৰুটি থাকি যোৱাৰ বাবে এই ফলাফল বাতিল কৰা হৈছে আৰু ফলাফল পুনৰীক্ষণ কৰি অতি শীঘ্ৰে আয়োগে পুনৰ প্ৰকাশ কৰিব।

আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসম লোকসেৱা আয়োগ (APSC)ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ কালি ঘোষণা কৰি বাতিল কৰা চূড়ান্ত ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “APSCৰ ফলাফলত এটা সৰু ভুল হৈছিল। ভুল হৈছে, কিন্তু কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। মটক সম্প্ৰদায়ৰ অনুৰোধত কালিৰ ফলাফল বাতিল কৰা হৈছিল। মটক সম্প্ৰদায়ৰ চাৰিটা পদ সংৰক্ষিত হৈছিল ফলাফলত। মটক সম্প্ৰদায়ৰ বাবে পদ সংৰক্ষণ হ’ব লাগিছিল দুটা আৰু মৰাণৰ বাবেও সংৰক্ষণ হ’ব লাগিছিল দুটা পদ। কিন্তু ভুলবশতঃ কেৱল মটকৰ বাবেই সংৰক্ষণ হৈছিল চাৰিটা পদ। এই বিসংগতিৰ বাবেই বাতিল হ’ল ফলাফল। আজি পুনৰ প্ৰকাশ পাব অসম লোকসেৱা আয়োগ (APSC)ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ চূড়ান্ত ফলাফল।”

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ (Assam Public Service Commission Combined Competitive Examination, 2024)ৰ সংশোধিত ফলাফল তালিকাত উল্লেখ থকা অনুসৰি, ACS পদত উত্তীৰ্ণ হৈছে মুঠ ৪৫গৰাকী প্ৰাৰ্থী। APSত উত্তীৰ্ণ ২০গৰাকী প্ৰাৰ্থী। AFSত উত্তীৰ্ণ ৫৩গৰাকী প্ৰাৰ্থী। Inspector of Taxes পদত উত্তীৰ্ণ হৈছে ৫১গৰাকী প্ৰাৰ্থী। একেদৰে, BDO পদত উত্তীৰ্ণ হৈছে ৯গৰাকী প্ৰাৰ্থী। Inspector of Excise পদত উত্তীৰ্ণ হৈছে ১৯গৰাকী প্ৰাৰ্থী।

Assam Civil Service পদত প্ৰথম স্থান লাভ কৰিছে নীহাৰ ৰঞ্জন ডেকা, দ্বিতীয় স্থান লাভ কৰিছে ৰাজনীশ শৰ্মা আৰু তৃতীয় স্থান লাভ কৰিছে পাঞ্চালী দেৱীয়ে। Assam Police Service পদত প্ৰথম স্থান লাভ কৰিছে ভাস্কৰ জ্যোতি মেধি, দ্বিতীয় স্থান লাভ কৰিছে অম্লান বৰুৱা আৰু তৃতীয় স্থান লাভ কৰিছে ধৃতিমান বৰ্মনে। District Transport Officer পদত কৌশিক কাশ্যপ শইকীয়া আৰু তুষাৰ জিৎ মেধিয়ে নিযুক্তি লাভ কৰিছে।

Block Development Officer পদত প্ৰথম স্থান লাভ কৰিছে ৰ’জনিনা পাৰবিন, দ্বিতীয় স্থান লাভ কৰিছে কপিল নাথ আৰু তৃতীয় স্থান লাভ কৰিছে ৱাছিম আহমেদে। Assam Finance Service পদত প্ৰথম স্থান লাভ কৰিছে আছমিনা আখতাৰ, দ্বিতীয় স্থান লাভ কৰিছে পূৰ্বাশ্ৰী দেৱ আৰু তৃতীয় স্থান লাভ কৰিছে নয়নজ্যোতি বৈশ্যই।

lnspector of Taxes পদত প্ৰথম স্থান লাভ কৰিছে হৃতৃষ্ণা ডেকা, দ্বিতীয় স্থান লাভ কৰিছে স্বেতা পাচনী আৰু তৃতীয় স্থান লাভ কৰিছে মানস প্ৰতিম ডেকাই। lnspector of Excise পদত প্ৰথম স্থান লাভ কৰিছে ফজলুল জুবেইড, দ্বিতীয় স্থান লাভ কৰিছে ধৰিত্ৰী বৰকটকী আৰু তৃতীয় স্থান লাভ কৰিছে অলিন্দ্ৰা চৌধুৰীয়ে।

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ (Assam Public Service Commission Combined Competitive Examination, 2024)ৰ সংশোধিত সম্পূৰ্ণ ফলাফল তালিকা অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইটত উপলভ্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments