ডিজিটেল ডেস্ক, ৫ডিছেম্বৰ: ঘোষণা হ’ল APSCৰ ২০২৩ বৰ্ষৰ CCE চূড়ান্ত পৰীক্ষাৰ ফলাফল। APSৰ শীৰ্ষত পাৰ্থপ্ৰতিম শৰ্মা। ACS পদত উত্তীৰ্ণ হৈছে মুঠ ৪৫গৰাকী প্ৰাৰ্থী। APSত উত্তীৰ্ণ ৩৫গৰাকী প্ৰাৰ্থী। AFSত উত্তীৰ্ণ ১৩গৰাকী প্ৰাৰ্থী। একেদৰে, BDO পদত উত্তীৰ্ণ হৈছে ৬গৰাকী প্ৰাৰ্থী। ARCS পদত উত্তীৰ্ণ হৈছে ৪গৰাকী প্ৰাৰ্থী।
ACSৰ শীৰ্ষ ৫টা স্থান লাভ কৰিছে ক্ৰমে চিৰঞ্জীৱ ফুকন, এনিশা বুঢ়াগোহাঁই, হিমাদ্ৰী জিতা বৰা, মৃগাক্ষী বৰুৱা, টুটুমণি কাকতিৰ। আনফালে APSৰ শীৰ্ষ ৫ স্থানত জিলিকিল পাৰ্থ প্ৰতিম শৰ্মা, অন্বেষা দুৱৰা, বিজয় আহমেদ, নিলুপ্ত চহৰীয়া, সুনয়না সভাপণ্ডিত।
ACSৰ ১১ নম্বৰ স্থানত উজলিল আকাশনীল শৰ্মা।APSৰ ৬ নম্বৰ স্থানত উজলিল উঠিল অমিত খানাল।ACSৰ ১০ নম্বৰ স্থানত উজলি উঠিল অংকিতা ছেত্ৰী।APSৰ ২৯ নম্বৰৰ স্থান লাভ কৰিলে বিষ্ণু ৰাম টিমুঙে।আজি ঘোষণা হোৱা APSCৰ পৰীক্ষাৰ APSৰ ২৫নং স্থান লাভ কৰিলে মায়াৰাণী বসুমতাৰীয়ে। ACSৰ ৬ নং স্থান লাভ কৰিলে মধুস্মিতা ৰায়ে।ACSৰ নৱম স্থানত উজলি উঠিল নীলম গাৰ্গ।
APSৰ নৱম স্থানত জিলিকি উঠিল নিৰঞ্জন ভূঞা। গহপুৰৰ কলাবাৰীত ঘৰ নিৰঞ্জন ভূঞাৰ। APSCৰ পৰীক্ষাৰ ACSৰ ১৪নং স্থান লাভ কৰিলে ৰুবু বৰাই। গহপুৰৰ বৰঙাবাৰীত ঘৰ মেধাৱী ৰুবু বৰাৰ