Monday, March 16, 2026
Homeঅসমপ্ৰতিবেদনৰ পাতে পাতে একোজনকৈ প্ৰাক্তন তথা এতিয়াৰ প্ৰভাৱশালী নেতাৰ নাম

প্ৰতিবেদনৰ পাতে পাতে একোজনকৈ প্ৰাক্তন তথা এতিয়াৰ প্ৰভাৱশালী নেতাৰ নাম

ডিজিটেল ডেস্ক, ১৮ফেব্ৰুৱাৰী:ৰাকেশ পালক APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ APSC কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ দ্বাৰা সাক্ষাৎ হৈছিল তৰুণ গগৈক। ২০১৩ চনত তৰুণ গগৈক প্ৰথম সাক্ষাৎ কৰিছিল ৰাকেশ পালে। তাৰ পাছত ৰাকেশ পালে প্ৰায়ে উপহাৰসহ সাক্ষাৎ কৰিছিল তৰুণ গগৈক। পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীয়ে APSCৰ স্থায়ী অধ্যক্ষ পাতিছিল ৰাকেশ পালক।প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ৰাকেশ পালে গৌৰৱ গগৈৰ বিয়াত উপহাৰ দিছিল সোণৰ অলংকাৰ। সোণৰ চেইন, আঙঠি আৰু ব্ৰেচলেট উপহাৰ দিছিল গৌৰৱ গগৈক।

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে যে অখিল গগৈকো সাক্ষাৎ কৰিব বিচাৰিছিল ৰাকেশ পালে। ৰাকেশ পালে RTIকৰ্মী দুলাল বৰাক দিছিল ২ লাখ টকা। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধিকো ধন দিছিল ৰাকেশ পালে। এটা গোচৰত মিতমাত কৰিবলৈ আৰক্ষী বিষয়া এ কে তিৱাৰীক দিয়া হৈছিল ২ লাখ টকা। ৰাকেশ পালে কমল মেধিক দিছিল ৩ লাখ টকা।

আছলতে অখিল গগৈয়ে ৰাকেশ পালৰ পৰা লৈছিল নেকি ধন?এই সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

কমল কুমাৰ মেধিয়ে টকা লৈছিল নে নাই, মই নাজানো। APSCকেলেংকাৰী পোহৰলৈ অনাৰ বাবে মই ২বাৰ জেললৈ গৈছিলো। সংবামেলত অখিল গগৈয়ে কৰিলে বহু অভিযোগ

APSC কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ কুমাৰ শর্মা তদন্ত আয়োগৰ প্ৰতিবেদনত অভিযোগ উত্থাপন হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নাম নাই। নাম নাই বিজেপি নেতা গুৰুজ্যোতি দাসৰ

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক দিব লাগে। ২০১৩ আৰু ২০১৪ ৰ এ পি এছ চিৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা বাতিল কৰিব লাগে। ৰাকেশ পালৰ দিনৰ সকলো নিযুক্তি বাতিল কৰি চি বি আইৰ তদন্তৰ আওতালৈ আনিব লাগিব। সংবাদমেলত মন্তব্য বিধায়ক অখিল গগৈৰ।

‘ৰাকেশ পালে বিয়াত উপহাৰ দিয়াৰ বাবে গৌৰৱ গগৈ দোষী হ’ব নোৱাৰে’।  গৌৰৱ গগৈ আৰু অখিল গগৈৰ নাম প্রতিবেদনত উল্লেখ কৰি ৰাজনীতি কৰা হৈছে। সংবাদমেলত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মন্তব্য

 

 

 

 

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments