অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ২০২৪ বৰ্ষৰ আজি ঘোষিত ফলাফলত উজলি উঠিল গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত বুৰৈ অঞ্চলৰ এৰাসুঁতিৰ মেধাৱী ছাত্র হিতেশ কুমাৰ পগাগ।ঘোষিত ফলাফলত তেওঁ Inspector Of Taxes শাখাত যোগ্যতা অৰ্জন কৰি বৃহত্তৰ হেলেম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।সৰুৰে পৰা অত্যন্ত মেধাৱী হিতেশ কুমাৰ পগাগে নামৰূপৰ বিভিএফচি মডেল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯০% নম্বৰেৰে চমকপ্ৰদ সফলতা লাভ কৰাৰ পিছত ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ পৰা বিজ্ঞান শাখাত সফলতাৰে উচ্চতৰ মাধ্যমিক শাখা উত্তীৰ্ণ হৈছিল।ইয়াৰ পিছত তেওঁ আগৰতলাৰ এন আই টিৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং বিষয়ত ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰে।পৰবৰ্তী সময়ত তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলি প্ৰথমটো খোজতে উক্ত পৰীক্ষাৰ ফলাফলত কৃতিত্ব অৰ্জন কৰে।মেধাৱী ছাত্র হিতেশ কুমাৰ পগাগ এৰাসুঁতি নিবাসী তথা আৰক্ষী উপ পৰিদৰ্শক স্বৰ্গীয় চেনীৰাম পগাগ আৰু নিৰুমাই পগগাৰ সুযোগ্য সন্তান।
