Thursday, November 7, 2024
Homeসৌন্দৰ্যগৰমৰ বাবে শৰীৰত ঘামচি দেখা ঘামচি দেখা দিছে নেকি? ঘামচিৰ পৰা পৰিত্ৰাণ...

গৰমৰ বাবে শৰীৰত ঘামচি দেখা ঘামচি দেখা দিছে নেকি? ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ মানি চলক এইসমূহ ঘৰুৱা উপায়

ডিজিটেল ডেস্ক, ১৪জুলাইঃ অত্যাধিক সংবেদনশীল ছালৰ মানুহৰ বাবে ঘামচি হৈ পৰে মাৰাত্মক। ঘামচিৰ ফলত হোৱা ঘাঁবোৰে ছালৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰে। কেইটামান সাৱধানতা অৱলম্বন কৰি আৰু কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায়ত ঘামচিৰ পৰা পৰিত্ৰাণ পাব পাৰি।

 

এতিয়া গ্ৰীষ্মকাল। অত্যধিক গৰমত এই সময়ত আমাৰ দেহত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। গৰমৰ দিনত ছাল সম্পৰ্কীয় বহুতো সমস্যাই বহুতকে অশান্তি দিয়ে। সকলোৰে ক্ষেত্ৰতে এই সমস্যাবোৰ ভিন্ন ধৰণৰ হয়। কিন্তু এই সমস্যাসমূহৰ মাজত এনে এক সমস্যা আছে যি যিকোনো প্ৰকাৰৰ ছাল বা যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতেই হ’ব পাৰে, এইটো হৈছে গৰমৰ দিনত ঘামচিৰ সমস্যা। ঘামচি কি আৰু ঘৰুৱা প্ৰতিকাৰৰ সহায়ত আমি ঘামচিৰ পৰা আতৰি থাকিব পাৰো বা ঘামচি নিৰাময় কৰিব পাৰো। গৰমৰ দিনকেইটাত বলি থকা বতাহত উৰি ফুৰে বিভিন্ন ধৰণৰ বেমাৰৰ বিজাণু। এই গ্ৰাষ্ম ঋতুত বহুতো স্বাস্থ্য সম্পৰ্কীয়, বিশেষকৈ ছাল সম্পৰ্কীয় সমস্যাই সকলোকে আমনি কৰে।

 

এই সমস্যাসমূহৰ মাজত আটাইতকৈ আমনিদায়ক হ’ল ঘামচি। অত্যাধিক সংবেদনশীল ছালৰ মানুহৰ বাবে ঘামচি হৈ পৰে মাৰাত্মক। ঘামচিৰ ফলত হোৱা ঘাঁবোৰে ছালৰ ছালৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰে। এই সন্দৰ্ভত চিকিতসক ডঃ প্ৰাণকান্ত ভট্টাচাৰ্যই কয় যে গ্ৰীষ্মকালত ঘামচিৰ সমস্যা প্ৰায় সংখ্যক মানুহৰে দেখা যায়, এয়া কোনো জটিল সমস্যা নহয়। কিন্তু এই সময়ছোৱাত কিছু নিয়ম মানি চলিলে ঘামচি সমস্যাৰ পৰা আতৰি থাকিব পাৰি।

 

গ্ৰীষ্মকালত পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে। গ্ৰীষ্মকালত মানুহৰ বেছিকৈ ঘাম ওলায় কিন্তু আমাৰ চৌপাশৰ প্ৰদূষণ,ধূলি-মাটি, মৃত ছালৰ কোষ বা যিকোনো বেক্টেৰিয়াৰ প্ৰভাৱৰ বাবে বহু সময়ত ঘাম গ্ৰন্থিবোৰৰ মুখ বন্ধ হৈ যায়। যাৰ ফলত ঘাম ছালৰ বাহিৰলৈ ওলাব নোৱাৰা হয় যি পিছলৈ সৰু সৰু ৰঙা গুটি হিচাপে ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গৰমৰ দিনত চাফ-চিকুণকৈ থকাৰ উপৰিও দিনত তিনিবাৰকৈ গা ধুৱ লাগে।

 

আমাৰ খাদ্যৰ ওপৰতো যতন ল’ব লাগে। নেমু, শাক, পাছলি, নাৰিকলৰ ডাব, তৰমুজ আদি খোৱাটো ভাল। এনেসমূহ সাধাৰণ নিয়ম মানি চলিলে ঘামচিয়ে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। ঘামচি দেখা দিলে ফেন চলাই নতুবা আন উপায়েৰে ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এলোভেৰাৰ ব্যৱহাৰে ঘামচিৰ সমস্যাত যথেষ্ট লাভালাভ প্ৰদান কৰে। গ্ৰীষ্মকালত দৈনিক ১৫ৰ পৰা ২৫ মিনিটৰ বাবে এলোভেৰা জেল ঘামচি হোৱা স্থানত সানি ধুই দিলে যথেষ্ট সকাহ পোৱা যায়। পাতল, ঢিলা আৰু এনে কাপোৰ পিন্ধিব যিয়ে ঘাম শুহি ল’ব পাৰে। শৰীৰৰ প্ৰতিটো অংশ সতেজ বতাহৰ সংস্পৰ্শলৈ আহিব পৰা কাপোৰ পিন্ধিব লাগে। এনেসমূহ সহজ সুলভ নিয়মৰ যোগদি ঘামচিৰ পৰা পাব পাৰে পৰিত্ৰাণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments