ডিজিটেল ডেস্ক, ANEWS24x7: জম্মু-কাশ্মীৰ উপত্যকাত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান ৷ সোমবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ বাটপোৰা অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে এগৰাকী সেনা জোৱান আৰু দুগৰাকী সাধাৰণ লোক আহত হয়।
সেনাৰ গুলীত নিহত হোৱা সন্ত্ৰাসবাদী জন জৈছ-ঈ-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈ
ছে ৷ এক গোপন খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে তালাচি অভিযান চলাইচিল ৷ নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তিনিজন সন্ত্ৰাবাদীয়ে বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল ৷ সন্ত্ৰাসবাদী কেইগৰাকীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰাৰ পিছত অভিযানকাৰী দলটোৱেও প্ৰত্যাক্ৰমণ কৰে । সংঘৰ্ষৰ ফলত আহত হোৱা অসামৰিক ব্যক্তি দুগৰাকী তৎকালীনভাৱে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।