ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ অশান্ত জম্মু-কাশ্মীৰ। কাশ্মীৰ উপত্যকাত ক্ৰমাত শক্তিশালী হৈ পৰিছে জৈছ-ই-মহমদ , লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠন সমূহ ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাশ্মীৰ ভ্ৰমণৰ সময়তে পুনৰ সংঘটিত হয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । মঙলবাৰে নিশা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিহত হয় চাৰিজন সন্ত্ৰাসবাদী । জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সংঘটিত হৈছে এই সংঘৰ্ষ ।
নিশা শ্বপিয়ান জিলাৰ ড্ৰাচ আঞ্চলত হোৱা এই সংঘৰ্ষত জৈছ-ই-মহম্মদৰ তিনিজন সদস্য আৰু লস্কৰ-ই-তৈবাৰ এজন সদস্য নিহত হৈছে । নিহত সন্ত্ৰাসবাদী কেইজন জম্মু-কাশ্মীৰ কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত আছিল। ইয়াৰে হানান বিন য়াকুব আৰু জামছেদ নামৰ সন্ত্ৰাবাদী দুজন ১০ অক্টোবৰত পুলৱামাৰ পিংলানাত এছ পি অ’ জাভেদ দাৰ আৰু ২৪ ছেপ্টেম্বৰত পুলৱামাত পশ্চিম বংগৰ এজন শ্ৰমিকৰ হত্যাত জড়িত আছিল।