ডিজিটেল ডেস্ক, ANEWS24X7: বাংলাদেশ যুদ্ধৰ বিজয় দিৱসৰ দিনাই জম্মু-কাশ্মীৰত ভাৰতীয় সোনাৰ শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ শুক্ৰবাৰে পুৱা জম্মুৰ ৰাজৌৰীত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন পথচাৰী নিহত হয় ৷ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মুৰ ৰজৌৰাত উৰি আৰু বাৰমুলা সেনা শিবিৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ অৱশ্যে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত সেনা শিবিৰৰ বিশেষ ক্ষতি হোৱা নাই ৷
সেনাৰ হোৱাইট নাইট কৰ্পৰ মতে , কিছুমান সন্ত্ৰাসবাদীয়ে জম্মু-পুঞ্চ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰাজৌৰী সেনা শিবিৰৰ উলফা গেটৰ মাজেৰে প্ৰৱেশৰ চেষ্টা কৰিছিল ৷ তেওঁলোকৰ লক্ষ্য আছিল ওচৰৰ সেনা চিকিৎসালয় ৷ সেই সময়ত গেটত নিয়োজিত সৈন্যসকলে বাধা প্ৰদান কৰিছিল ৷
দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমল কুমাৰ আৰু সুৰেন্দ্ৰ কুমাৰ নামৰ দুজন স্থানীয় লোক নিহত হয় ৷ ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা সন্ত্ৰাসবাদী কেইজন পলায়ন কৰে ৷ সন্ত্ৰাসবাদী কেইজনক বিচাৰি সেনাই অভিযান আৰম্ভ কৰিছে ৷