ডিজিটেল ডেস্ক, ANEWS24X7: অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ ৷ বুধবাৰে পুৱা ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাটোৰ ফলত এজন কপ্টাৰ পাইলট নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাবে আহত হৈছে ৷
সেনা সূত্ৰৰ খবৰ অনুসৰি ,সীমান্ত অঞ্চলত নিয়মীয়া উৰণৰ সময় এই দুৰ্ঘটনাটো সংঘটিত হয়৷হেলিকপ্টাৰ খনৰ দুয়োগৰাকী পাইলটক উদ্ধাৰ কৰি সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ইয়াৰে এজন পাইলট নিহত হৈছে ৷হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে, ১৯৬০-৭০ চনৰ পৰা চেতক আৰু চিতা হেলিকপ্টাৰ ভাৰতীয় সেনাৰ অস্ত্ৰাগাৰত আছে৷বৰ্তমানেও ভাৰতীয় সেনাই এই দুখন হেলিকপ্টাৰ ব্যৱহাৰ কৰি আহিছে৷আইএএফৰ মুঠ ১২০ খন চেতক আৰু চিতা হেলিকপ্টাৰ আছে ৷