ডিজিটেল ডেস্ক, ANEWS24X7:জম্মু-কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। ভয়ংকৰ সংঘৰ্ষৰ ফলত ৪টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। এখন ট্ৰাকৰ গতিবিধিত সন্দেহ হোৱাত সেনাই চলাইছিল তালাচী।
ট্ৰাকখনত মাৰাণস্ত্ৰসহ লুকাই আছিল কেইবাটাও সন্ত্ৰাসবাদী। সমগ্ৰ অঞ্চলটোত মোতায়েন কৰা হৈছে অতিৰিক্ত সেনা। জম্মু চহৰৰ সমীপৰ ছিধ্ৰাত বৰ্তমানো চেপা উত্তেজনা। জব্দ কৰা হৈছে ৭টা এ কে ৪৭ ৰাইফল, এটা এম ৪ ৰাইফল, ৩ পিষ্টলৰ লগতে অন্যান্য গুলী।
জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি পুৱা ৭:৩০ বজাত সংঘটিত হয় গুলীচালনাৰ ঘটনা। দুই-তিনিজন উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। এই খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। সেই সময়ত উগ্ৰপন্থীয়ে ছিধ্ৰা অঞ্চলত সেনাবাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰিছিল।
শেষত সেনা বাহিনীৰ গুলীত তিনিওজন উগ্ৰপন্থী নিহত হয়। উল্লেখ্য যে,মঙলবাৰে জম্মুৰ সমীপৰ উধামপুৰত ১৫ কেজি আই ই ডি উদ্ধাৰ হৈছিল। ইয়াৰ উপৰিও লস্কৰ-ই-তৈবাৰ প্ৰতীক থকা এখন বহী উদ্ধাৰ। এজন সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।