ডিজিটেল ডেস্ক ANEWS4X7: ৰাজ্যত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা চলি থকাৰ মাজতে আহিছে এটা গুৰুত্বপৰ্ণ খবৰ ৷ নিযুক্তি পৰীক্ষাত নিয়ম উলংঘা কৰাৰ বাবে আটক কৰা হৈছে কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক ৷
জিলা উপায়ক্তৰ গোচৰৰ ভিত্তি কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক আটক কৰিছে শিলচৰ আৰক্ষীয়ে ৷ সম্প্ৰতি শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰখোৱা হৈছে ধৃত অধ্যক্ষগৰাকীক।
উল্লেখ্য যে নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰাৰ বাবে জিলা উপয়ুক্ত সকলক আৰু জিলা আৰক্ষী অধীক্ষক সকলক বিশেষ কৰ্তৃত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নিযুক্তি পৰীক্ষা নিকা আৰু স্বচ্ছ ভাবে অনুষ্ঠিত কৰিবৰ বাবে ৰাজ্যত কৰ্তন কৰা হৈছে ইন্টাৰ্নেট সেৱা ৷ জাৰি কৰা হৈছে বিশেষ SOP ।