ডিজিটেল ডেস্ক, ANEWS24X7: আজি শিল্পী দিৱস ৷ এই পবিত্ৰ দিনটোত সুন্দৰৰ পূজাৰী , বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ কালজয়ী গীতৰ মধুৰ মূৰ্ছনাত মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে শিল্পী দিৱস ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰি চাহ বাগিছাতো উদযাপন কৰা হৈছে শিল্পী দিৱস ৷
ভোলাগুৰি চাহ বাগিছাত থকা জ্যোতিপ্ৰসাদ আগৰৱালৰ অৱক্ষয় মূৰ্তিত পুৱাই পুষ্পঞ্জলী অৰ্পন কৰি মহান শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুৱৰণ কৰে অঞ্চলটোৰ ৰইজে । ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া বোলছবি জয়মতি এই ভোলাগুৰি চাহ বাগিছাতে নিৰ্মাণ কৰিছিল । ভোলাগুৰি চাহ বাগিছাতে শিল্পী গৰাকীয়ে নিৰ্মাণ কৰিছিল চিত্ৰবন ফিল্ম ষ্টুডিঅ । জয়মতিৰ স্মৃতি আজিও সজীৱ কৰি ৰাখিছে ভোলাগুৰিবাসী ৰাইজে ।
প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয়। ১৯৫১ চনৰ আজিৰ দিনটোতে মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি শিল্পী দিৱস উদযাপন কৰা হৈছিল।