ডিজিটেল ডেস্ক, ANEWS24X7: সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। ইপিনে প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে। অৰুণাচল প্ৰদেশৰ মান্দালা পাহাৰত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। বমডিলাৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত দুজনকৈ সেনা বিষয়া আছিল।
বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই। চিতা হেলিকপ্টাৰ খন আজি পুৱা এয়াৰ ট্ৰেফিক কণ্ট’লৰে সংযোগ বিচ্ছিন্ন হৈছিল। পুৱা ৯.১৫ বজাত হেলিকপ্টাৰখন নিখোজ হৈ পৰে। ইতিমধ্যে সেনাবাহিনীৰ উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলি সেনাই লগতে সদৰী কৰিছে।
নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেল আৰু আনগৰাকী মেজৰ ৰেংকৰ বিষয়া বুলি জানিব পৰা গৈছে। দুয়োগৰাকী বিষয়াৰ সন্ধান উলিওৱাত প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে। উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে। পুৱাৰে পৰা বৰষুণ দি থকাৰ বাবে উদ্ধাৰ অভিযান ভালদৰে কৰিব পৰা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বেও সেনাৰ বহু হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দুৰ্ঘটনাগ্ৰস্ত হৈছে।