Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়অৰবিন্দ কেজৰিৱালে দিলে এটা ভাল খবৰ ! কি এই খবৰ?

অৰবিন্দ কেজৰিৱালে দিলে এটা ভাল খবৰ ! কি এই খবৰ?

ডিজিটেল ডেস্ক ANEWS24X7: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবি আইৰ অভিযান ৷ মনিষ চিছোদিয়াৰ দিল্লীস্থিত বাসগৃহত শুক্ৰবাৰে পুৱাই চি বি আইৰ এটা দলে অভিযান চলাই ৷ টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী মনিষ চিছোদিয়াই ৷

উল্লেখ্য যে দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ দুৰ্নীতি সম্পৰ্কীয় এক গোচৰত চিবিআইয়ে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছে ।

আন এটা টুইটত চিছোদিয়াই কয় যে , ‘‘কেন্দ্ৰৰ বিজেপি চৰকাৰে দিল্লীৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ উন্নয়ন দেখি বিচলিত হৈছে । সেয়ে স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰীক তেওঁলোকে লক্ষ্য কৰি লৈছে । যাতে দুয়োটা বিভাগৰে ভাল কামত বাধা দিব পাৰি । সেয়েহে মিছা অভিযোগ জাপি দিয়া হৈছে আৰু আদালতত সকলো ফাদিল হ’ব ।’’

আনহাতে এই ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ,‘‘সমগ্ৰ ঘটনাৰ তদন্তত চিবিআইক আমি সহযোগিতা কৰিম ৷ দিল্লীৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ আদৰ্শ সম্পৰ্কে বিশ্বত চৰ্চা হৈছে ৷ যাৰ বাবে বিৰোধীয়ে ইয়াক বাধা দিয়াৰ চেষ্টা কৰিছে । কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে মনীষ চিছোদিয়াৰ বিৰুদ্ধে চিবিআইৰ অভিযান চলাবলৈ আৰু হাৰাশাস্তি কৰিবলৈ নিৰ্দেশ দিছে ৷’’

আনহাতে শুক্ৰবাৰে অৰবিন্দ কেজৰিৱালে দিল্লীৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি কয় যে , ‘‘ আজি মই আপোনালোকক এটা খুব ভাল খবৰ দিবলৈ আহিছোঁ ৷ এই খবৰটোৱে আপোনালোকক সুখী কৰিব, প্ৰতিজন ভাৰতীয়ই গৌৰাম্বিত হ’ব। আপোনালোকে জানে আমেৰিকা হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু ধনী দেশ আৰু আমেৰিকাৰ সৰ্ববৃহৎ বাতৰি কাকত নিউয়ৰ্ক টাইমছ।

ইয়াত বাতৰি প্ৰিণ্ট কৰিবলৈ, প্ৰিণ্ট কৰাবলৈ আৰু ইয়াত বাতৰি প্ৰকাশ কৰাটো বহুত কঠিন। কালিৰ নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ পাইছিল ৷ বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ সৰ্ববৃহৎ বাতৰি কাকতখনে দিল্লীৰ শিক্ষাৰ আৰ্হিৰ ওপৰত প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছিল । কাকত খনে লিখিছে যে দিল্লীত শিক্ষা বিপ্লৱ সংঘটিত হৈছে, চৰকাৰী বিদ্যালয়সমূহ অতি দৰ্শনীয় হৈ পৰিছে।

মানুহে ব্যক্তিগত বিদ্যালয়ৰ পৰা নাম কৰ্তন কৰি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰি আছে। চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা শিশুসকলে তেওঁলোকৰ পৰিয়ালৰ দৰিদ্ৰতা আঁতৰ কৰি আছে। ভাৰতৰ বিষয়ে ইমান ভাল খবৰ, আজি প্ৰতিজন ভাৰতীয় গৌৰাম্বিত হৈছে , মই সকলোকে অভিনন্দন জনাইছো। ”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments