Thursday, March 12, 2026
Homeঅসমআন্তর্জাতিক সংস্কৃত চুটি ছবি মহোৎসৱত জিলিকিল অসমৰ আৰ্য্য কোচ: 'বেষমা'লৈ দুটাকৈ শ্রেষ্ঠ...

আন্তর্জাতিক সংস্কৃত চুটি ছবি মহোৎসৱত জিলিকিল অসমৰ আৰ্য্য কোচ: ‘বেষমা’লৈ দুটাকৈ শ্রেষ্ঠ বঁটা

দেশৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মধ্য প্ৰদেশৰ উজ্জয়িনীত অনুষ্ঠিত হৈ যোৱা সপ্তম আন্তৰাষ্ট্ৰীয় সংস্কৃত লঘু চলচিত্ৰ মহোৎসৱত অসমৰ কলা-কুশলীয়ে সফলতাৰ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে। যুৱ পৰিচালক আৰ্য্য কোচৰ পৰিচালনাত নিৰ্মিত সংস্কৃত চুটি ছবি *’বেষমা’*ই লাভ কৰিছে দুটাকৈ গুৰুত্বপূৰ্ণ পুৰস্কাৰ।

উল্লেখ্য যে যোৱা ১২ জানুৱাৰী ২০২৬ তাৰিখে উজ্জয়িনীত এই ভব্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই আন্তৰাষ্ট্ৰীয় মঞ্চত অসমক প্ৰতিনিধিত্ব কৰিছিল আৰ্য্য কোচ, বিনন্দ চন্দ্ৰ ৰায় আৰু প্ৰণৱ চন্দ্ৰ ৰায়ে। বহুকেইখন দেশী-বিদেশী চুটি ছবিৰ মাজত তীব্ৰ প্ৰতিযোগিতাৰ অন্তত আৰ্য্য কোচৰ ‘বেষমা’ ছবিখনে দুটা শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে:

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আয়োজন কৰা এই মহোৎসৱত অসমীয়া যুৱকৰ এই সফলতাই এতিয়া ৰাজ্যখনলৈ আনন্দৰ জোৱাৰ আনিছে। কেৱল চিনেমা নিৰ্মাণেই নহয়, বিশ্ব দৰবাৰত সংস্কৃত ভাষাৰ জৰিয়তে অসমৰ শিল্প-সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে এতিয়া আৰ্য্য কোচ আৰু তেওঁৰ সমগ্ৰ দলটোক বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে।

অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এয়া নিশ্চয়কৈ এক ইতিবাচক খবৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments