Saturday, July 5, 2025
Homeউত্তৰ-পূৱপুনৰ ৰক্তাক্ত মনিপুৰ, হিংসাজৰ্জৰ মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ

পুনৰ ৰক্তাক্ত মনিপুৰ, হিংসাজৰ্জৰ মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ

ডিজিটেল ডেস্ক, ১৩নৱেম্বৰ: পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি । অগ্নিগৰ্ভা মণিপুৰত বিগত এটা সপ্তাহত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ।বিশেষকৈ মণিপুৰৰ জিৰিবাম অঞ্চলত সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৰ্তমান ৰাজ্যখনত থকা নিৰাপত্তা বাহিনীক সহায় কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ (চি আৰ পি এফ) 20 টা অতিৰিক্ত কোম্পানী মণিপুৰলৈ ততালিকে প্ৰেৰণৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা মণিপুৰৰ জিৰিবাম জিলাত নতুনকৈ হিংসাত্মক ঘটনা আৰম্ভ হয় । উক্তদিনা সশস্ত্ৰ দুৰ্বৃত্তই এখন গাঁৱত কমেও দহটা ঘৰত অগ্নিসংযোগ কৰে আৰু এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়ে । আনহাতে, শনিবাৰে ইয়াৰ প্ৰত্যাক্ৰমণত বিষ্ণুপুৰৰ এখন গাঁৱত সশস্ত্ৰ দুৰ্বৃত্তই আন এগৰাকী মহিলাক হত্যা কৰে ।

ইফালে সোমবাৰে জিৰিবামৰ জাকুৰাধোৰ অঞ্চলত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে এক সংঘৰ্ষত ১০ সশস্ত্ৰ দুৰ্বৃত্তক হত্যা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোৱে এখন আৰক্ষী থানাত আক্ৰমণ কৰিবলৈ গৈছিল, য’ত কিছু গৃহহাৰা লোকে আশ্ৰয় গ্ৰহণ কৰি আছিল ।

আৰক্ষীয়ে অঞ্চলটোৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন তিনিগৰাকী মহিলা আৰু তিনিটা শিশুসহ ছয়গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে ।

ইয়াৰ মাজতে আৰক্ষীয়ে সশস্ত্ৰ দুৰ্বৃত্ত বুলি দাবী কৰি হত্যা কৰা ১০ জন লোকক কুকি আৰু হমাৰ সংগঠনে ‘গাঁৱৰ স্বেচ্ছাসেৱক’ বুলি অভিহিত কৰাৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । কুকি আৰু হমাৰ সংগঠনসমূহে চি আৰ পি এফ জোৱানৰ এই হত্যাকাণ্ডৰ প্ৰতিবাদত সকলো পাহাৰীয়া অঞ্চলত বন্ধৰ আহ্বান জনায় ।

আনহাতে, বুধবাৰে লংমাই, ননি আৰু তামেংলং জিলালৈ চাউল, পিয়াঁজ আৰু আলু কঢ়িয়াই নিয়া দুখন ট্ৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সশস্ত্ৰ দুৰ্বৃত্তই ৰখাই অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে মণিপুৰৰ দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত জাতিগত সংঘৰ্ষৰ ফলত সমগ্ৰ ৰাজ্যখন জ্বলি আছে । সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘু কুকি জনজাতিৰ মাজত বিগত বছৰৰ মে’ মাহৰ পৰা এই জাতিগত হিংসা চলি আছে । এই হিংসাত্মক ঘটনাৰ ফলত এতিয়ালৈকে উত্তৰ-পূবৰ ৰাজ্যখনত দুয়োটা সম্প্ৰদায়ৰে ২৪০ জনৰো অধিক লোক হত্যাৰ বলি হৈছে আৰু ৬৫,০০০ তকৈও অধিক লোক গৃহহীন হৈছে ।

বিশেষ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ বাবে চি আৰ পি এফৰ ১৫ টা কোম্পানী আৰু বি এছ এফৰ পাঁচটা কোম্পানীক ততাতৈয়াকৈ মণিপুৰলৈ প্ৰেৰণ কৰিবলৈ অনুমোদন জনাইছে । ৰাজ্যখনত চি আৰ পি এফৰ এই অতিৰিক্ত 20 টা কোম্পানীৰ সৈতে বৰ্তমান মণিপুৰত মুঠ 218 টা কেন্দ্ৰীয় বাহিনীৰ কোম্পানী মোতায়েন কৰা হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments