Monday, July 7, 2025
Homeৰাজনৈতিককংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অশোক গেহলটে, ক্ষমা বিচাৰিলে ছোনিয়া গান্ধীক

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অশোক গেহলটে, ক্ষমা বিচাৰিলে ছোনিয়া গান্ধীক

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজস্থানৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ । উৎকণ্ঠাৰ অন্ত পেলাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কৰিছে এক বৃহৎ ঘোষণা । আগন্তুক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অশোক গেহলটে ।কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ।


অশোক গেহলটে সংবাদ মাধ্যমৰ আগত কয় যে ,‘‘দুদিন পূৰ্বে যি ঘটনা সংঘটিত হৈছে সেয়া আমাৰ সকলোকে জোকাৰি গৈছে ৷ মই কেইবা বছৰধৰি কংগ্ৰেছত বিভিন্ন পদত অধিষ্ঠিত হৈছো ৷ কিন্তু মোৰ জীৱনত এইটো প্ৰথম ঘটনা ৷ মই এই পৰিস্থিতিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো ৷ ছোনিয়া গান্ধীয়ে সিদ্ধান্ত হ’ব মই মুখ্যমন্ত্ৰী হৈ থাকো নে নাই ৷ মই ছোনিয়া গান্ধীৰ ওচৰত ক্ষমা বিচাৰিছো ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments