ডিজিটেল ডেস্ক, ৬আগষ্ট:কিয় গুৱাহাটী মহানগৰীত পানী হৈছে?গুৱাহাটীৰ পানী ৰঙা নে ক’লা?
পানীৰ ৰং চাই অশোক সিংহলৰ বান সন্দৰ্ভত উদ্ভট মন্তব্য
কৃত্ৰিম বানৰ ফলত সোমবাৰে কেনেকুৱা এক যন্ত্ৰণাৰ সন্মুখীন হ’বলগীয়া হৈছিল সেয়া হয়তো নেদেখিলে বুজা টান। ৩ বজাত স্কুল ছুটি হোৱা কণ কণ ছাত্ৰ-ছাত্ৰী ঘৰ পালেগৈ নিশা ১১-১২ বজাত। গাড়ীখন লৈ ওলাই অহা বা অফিচ-কাছাৰীলৈ অহা লোকসকল ঘৰ পালেগৈ ৫-৬ ঘণ্টা পলমকৈ। কাৰোবাৰ গাড়ী উটি গ’ল বানত, কাৰোবাৰ বিকল হ’ল। কোনোবা আকৌ বানৰ মাজত আঘাতপ্ৰাপ্ত হ’ল।
কিন্তু দিনৰ দিনটো বগা পোছাক পিন্ধি শীত-তাপ নিয়ন্ত্ৰিত ৰুমত বহি থকা জনপ্ৰতিনিধিসকলে কেনেকৈ বুজিব এই যন্ত্ৰণা?সেয়ে মন্ত্ৰী অশোক সিংহলে সহজতে কৈ দিলে, মেঘালয়ৰ পানীয়েহে গুৱাহাটীত সৃষ্টি কৰিলে কৃত্ৰিম বানৰ। তেওঁ গুৱাহাটীত হোৱা পানীৰ ৰং চিনি পাইছে। গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ পানী ৰঙা। মেঘালয়ৰ পানীৰ ফলতহে গুৱাহাটীত সৃষ্টি হৈছে কৃত্ৰিম বান।
যি সময়ত মহানগৰবাসীয়ে নৰক যন্ত্ৰণা ভোগ কৰি আছে, সেই সময়ত এগৰাকী দায়িত্বত থকা মন্ত্ৰীয়ে এনে ধৰণৰ টুলুঙা মন্তব্য কৰি গা এৰা দিয়াৰ চেষ্টাই কি সূচায়? পানী ক’ৰ সেয়া চিনাক্ত কৰা প্ৰয়োজন নে সমস্যাৰ সমাধান বিচৰা প্ৰয়োজন? মেঘালয়ৰ পৰা অহা পানীয়ে গুৱাহাটী বুৰাই পেলালে সেয়া মন্ত্ৰী অশোক সিংহলৰ দায়িত্বত নপৰে নেকি? মেঘালয়ৰ পানীয়ে গুৱাহাটীত প্ৰলয় সৃষ্টি কৰিলে তেওঁৰ কৰিবলগীয়া একো নাই নেকি?
অৱশ্যে মন্ত্ৰী অশোক সিংহলে স্বীকাৰ কৰে যে গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ বহন ক্ষমতা সীমিত। ডেৰ ঘণ্টা ১৩৬ এমএম বৰষুণৰ ফলত হোৱা পানী বহন কৰিবলৈ অক্ষম মহানগৰীৰ নলা-নৰ্দমাসমূহ। কিন্তু প্ৰশ্ন উঠিছে যে এজাক বৰষুণতে যদি এই অৱস্থা হয়, তেন্তে কেতিয়া স্মাৰ্ট চিটী হ’বগৈ গুৱাহাটী? নে গুৱাহাটীক স্মাৰ্ট চিটী কৰি তোলাটো এক অলীক সপোন!