ডিজিটেল ডেস্ক ANEWS24X7: দেওবাৰে শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হয় এছিয়া কাপ-২০২২ ৰ চূড়ান্ত খেলখন ৷ চূড়ান্ত খেলখনত শ্ৰীলংকাৰ হাতত ধৰাশায়ী হয় পাকিস্তান ৷ প্ৰতিযোগিতা খনত শ্ৰীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭০ ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷
প্ৰত্যুত্তৰত পাকিস্তানে ২০ অভাৰত মাত্ৰ ১৪৭ ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত খেলখনত শ্ৰীলংকাৰ হৈ ভানুকা ৰাজপক্ষে সৰ্বাধিক ৭১ ৰাণ কৰে ৷