Wednesday, July 9, 2025
Homeক্ৰীড়াএছিয়ান গেমছত ভাৰতৰ আন এক অভিলেখ

এছিয়ান গেমছত ভাৰতৰ আন এক অভিলেখ

ডিজিটেল ডেস্ক,২৭ ছেপ্তেম্বৰ: এছিয়ান গেমছ ২০২৩ৰ চতুৰ্থ দিনত ভাৰতীয় খেলুৱৈৰ বলিষ্ঠ প্ৰদৰ্শন ।শ্বুটাৰসকলে ১ দিনত ৭টা পদক লাভ কৰাৰ অভিলেখ ।ভাৰতে এতিয়ালৈকে ৫টা সোণ, সাতটা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰু অধিক পদক লাভ কৰাৰ অধিক সম্ভাৱনা আছে ।

এছিয়ান গেমছ ২০২৩ৰ বুধবাৰে একচন মুদত ভাৰতৰ খেলুৱৈ ।আৰম্ভণিৰ পৰা ধাৰাবাহিক ভাৱে পদক অৰ্জন কৰি ভাৰতে টেনিছ, দবা আৰু অন্যান্য খেলৰ পৰা অধিক পদক লাভ কতৰা দিশে ।মঙলবাৰে ১৪ৰ পৰা বুধবাৰে ২২ বজালৈ ভাৰতীয় খেলুৱৈসকলে এছিয়ান গেমছ ২০২৩ত দ্ৰুত অগ্ৰগতি লাভ কৰিছে । শ্বুটাৰসকলে সুন্দৰ প্ৰদৰ্শনেৰে অভিলেখ গঢ়ি ১ দিনত ৭টা পদক লাভ কৰিছে।

বৰ্তমান ভাৰতবৰ্ষই ৫টা স্বৰ্ণ, ৭টা ৰূপ, ১০টা ব্ৰঞ্জৰ পদকৰে ষষ্ঠ স্থানত আছে। ছিফ্ট কৌৰ সমৰা (সোণ – মহিলা ৫০ মিটাৰ ৰাইফল ৩ পজিচন), মহিলাৰ ২৫ মিটাৰ পিষ্টল দল (সোণ – মনু ভাকেৰ, এছা সিং, ৰিদম সাংৱান), এছা সিং (ৰূপ – মহিলা ২৫ মিটাৰ পিষ্টল ব্যক্তিগত), অনন্তজীত সিং নাৰুকা (ৰূপ – পুৰুষৰ স্কীট ব্যক্তিগত ), মহিলাৰ ২৫ মিটাৰ ৰাইফল ৩ পজিচনৰ দল (ৰূপালী – আশী চৌকছে, মণিনি কৌশিক আৰু ছিফ্ট কৌৰ সমৰা), আশী চৌকছে (ব্ৰঞ্জ – মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন) আৰু পুৰুষৰ স্কিট দল (ব্ৰঞ্জ – অংগদ, গুৰজোয়াট আৰু অনন্ত জীত)ৰ… এই শাখাত পদক বিজয়ী। পালতোলাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি বিষ্ণু সৰৱননে আৰু অধিক সংযোজন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments