ডিজিটেল ডেস্ক, ২৭এপ্ৰিল: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ঔৰসত জন্ম লাভ কৰা মহিলা সংগঠন সদৌ অসম আদিবাসী জানী শক্তি সঙ্গতি সমিতিৰ অভিৱৰ্তন অহা ২৯ আৰু ৩০ এপ্ৰিলত ওদালগুৰি জিলাৰ মাজবাট ৰাজহুৱা দূৰ্গা পূজা প্ৰেক্ষাগৃহত দুদিয়া বাৰ্ণাঢ়্য কায্যসূচীৰে আয়োজন কৰা হৈছে ৷
কায্যসূচী মৰ্মে ২৯ এপ্ৰিলত আবেলি ৪ বজাত প্ৰতিনিধি নাম পঞ্জীয়ন কৰাৰ লগে লগে অভিৱৰ্তনখনি শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি তিহাৰু গড়ে ৷ অভিৱৰ্তনখনি গোটেই নিশা চলিব । অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰিব ।
৩০ এপ্ৰিলত পূৱা ৯ বজাত “আছা“ৰ পতাকা উত্তোলন কৰিব সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে ৷ পূৱা ৯“৩০ বজাত “আছা“ ওদালগুৰি জিলাৰ পতাকা উত্তোলন কৰিব জিলা সমিতিৰ সভাপতি বাবুল পাইক ৷ “আছা“ মাজমাট আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কৰিব গোলাপ গড়ে ৷ পূৱা ১০ বজাত অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি তিহাৰু গড়ে । স্মৃতি তৰ্পণ কৰিব “আছা“ৰ সাধাৰণ সম্পাদক নোৱাচ বাৰ্লাই ৷
১১ বজাত সাংস্কৃতিক শুভাযাত্ৰা উদ্বোধন কৰিব “আছা“ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰেজান হ’ৰ ই ৷ ১২ বজাত আদিবাসী সমাজৰ সাংস্কৃতিক নৃত্য পদৰ্শন কৰা হব ৷ আবেলি ১ বজাত “আছা“ সভাপতি প্ৰদীপ নাগৰ সভাপতিত্বত অনুষ্টিত হবলগীয়া মুকলি সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট শিক্ষাবিদ সুচিতা টপ্পই ৷ নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ’ আছা“প্ৰাক্তন নেত্ৰী প্ৰতিষ্টাপক লতা তিৰু লাক্ৰাই ৷
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ মূখ্য কায্যবাহী দূৰ্গা হাচাদা কায্যবাহী সদস্য পিটাৰ দাং সঞ্চালক অসীম হাছাদা সহ সঞ্চালক সুভাষ তিৰ্কী আছা ৰ উপদেষ্টা প্ৰদীপ হেম্বৰম এডমাণ্ড চাওৰা লগতে আছাৰ কেন্দ্ৰীয় সমিতি লগতে বিভিন্ন জিলাৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰিব বুলি “আছা“ উপ সভাপতি দেবেন উৰাঙে এক প্ৰেছ বিবৃতিত জানিবলৈ দিছে ৷
