ডিজিটেল ডেস্ক, ৫মাৰ্চ: আগন্তুক লোকসভাৰ নিৰ্বাচনত বৰ্তমানৰ বিজেপি চৰকাৰে আদিবাসী জনগোষ্ঠীক প্ৰাৰ্থী প্ৰদান নকৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছ ৷ আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থীক অৱজ্ঞা কৰি গোঠেই জনগোষ্ঠীটোকে অপমান কৰা হৈছে বুলি সংগঠনটোৰ সভাপতি প্ৰদীপ নাগ উপ সভাপতিদ্বয় দেবেন উৰাং ,ৰেজান হৰ আৰু ভূমি সম্পাদক ৰুহন ভূমিজে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷
ডিব্ৰুগড় ,কাজিৰঙা আৰু তেজপুৰ লোকসভা আসনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পৰা আদিবাসী জনগোষ্ঠীৰ ভোটাৰ থকা পিছতো কি কাৰণত আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থী প্ৰদান কৰা নহল বুলি বিজেপি ক আছাই প্ৰশ্ন কৰিছে ৷ অসমত ১ কোটিৰো অধিক আদিবাসী জনসংখ্যা থকাৰ পাছতো বিজেপিয়ে লোকসভা নিৰ্বাচনত মাত্ৰ এজন ব্যক্তিক প্ৰাৰ্থী আগবঢ়াই গোটেই জনগোষ্ঠীটোক পুণৰবাৰ প্ৰতাৰণা কৰিছে ৷
আছা ই সকলো আদিবাসী ৰাইজক বিজেপিৰ বিপৰীত স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ সভাপতি প্ৰদীপ নাগ , উপ সভাপতিদ্বয় দেবেন উৰাং ৰেজান হৰ ,আৰু ভূমি সম্পাদক ৰহান ভূমিজে অভিযোগ উত্থাপন কৰি কয় যে, বিগত নিৰ্বাচন সমূহত আদিবাসী ৰাইজে বিজেপিক বিপুল সমৰ্থন কৰি আহিছিল, তথাপিও বিজেপি চৰকাৰে আদিবাসী সকলক চৰম প্ৰতাৰণা কৰিলে এই লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব সংগঠনটোৰ নেতাসকলে বিজেপি সকীয়াই দিয়ে ৷
কংগ্ৰেছ চৰকাৰৰ সময়ত আদিবাসী জনগোষ্ঠী কমেও চাৰিজন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী আৰু ২৫জন বিধায়ক ৰাজ্যিক মন্ত্ৰী আছিল। কিন্তু বিজেপি চৰকাৰ গঠন কৰাৰ লগে লগে সাংসদ আৰু বিধায়কৰ সংখ্যা ষড়যন্ত্ৰৰে কৰ্তন কৰি আদিবাসী সকলক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিব বিছৰা হৈছে ৷ এই উদাহৰণ গত লোকসভা আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰাইজে দেখিছে ৷ য’ত মাত্ৰ কেইজনমান আদিবাসী প্ৰাৰ্থীকহে টিকট প্ৰদান কৰা হৈছিল ৷
বিজেপিয়ে ২০১৬ বিধান সভা নিৰ্বাচন চৰকাৰ গঠন কৰা লগে লগে বিভিন্ন ৰাইজত জনজাতি মূলৰ অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰতো উল্লেখ কৰাৰ পিছতো অসমৰ আদিবাসীক জনজাতিকৰণ বা অনুসূচিৰ ময্যদা লাভ নকৰিলে ৷ বৰ্তমানো চাহ শ্ৰমিকৰ নূন্যতম মজুৰি লাগো কৰা নহ’ল ৷ মাত্ৰ ২৫০ টকাত শ্ৰমিক সকল পেটৰ তাড়নাত কাম কৰিছে ৷
আজিলৈকে বনাঞ্চলত আৰু বাগিচাত বসবাস কৰা আদিবাসী ,চাহ শ্ৰমিক সকলক ম্যাদী পট্টা প্ৰদান কৰাৰ বিজেপিয়ে ব্যৱস্থা নকৰিলে ৷ বিজেপিয়ে চৰকাৰখনে আদিবাসী সকলৰ সমস্যা সমূহ সামাধান কৰাৰ ক্ষেত্ৰত চৰম বঞ্চনা কৰিছে ৷ সদৌ অসম আদিবাসী ছাত সন্থা (আছা)ই অসমৰ আদিবাসী ৰাইজক বিজেপিক তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে ৷