অসমত বিধানতসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ।
ৰাজ্যত অভিলেখসংখ্যক ভোটদান। শদিয়াৰ পৰা ধুবুৰীলৈ হিলদ’ল ভাঙি ওলাই আহিল ভোটাৰসকল। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সন্ধিয়া ৫ বজা পৰ্যন্ত ৮৪.৪২ শতাংশ ভোটদানৰ হাৰ।
ইয়াৰ মাজতে ৰাজ্যৰ কেইবাটাও ভোটকেন্দ্ৰত পুৱাই ইভিএম বিকল হয়। যাৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত কিছু বিলম্ব হয়। পুৱাই ভোটদান কৰিবলৈ ওলাই আহিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলো।
উল্লেখযোগ্য যে ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰে। ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩গৰাকী পুৰুষ ভোটাৰ আৰু ১ কোটি ২৪ লাখ ৭৫হাজাৰ ৫৮৩গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। লগতে আছে ৩৪৩ গৰাকী তৃতীয় লিংগ ভোটাৰ।
৫ বজাৰ লগে লগে সমাপ্ত ১২৬ সমষ্টিৰ ভোটগ্ৰহণ । সন্ধিয়া ৫-০০ বজা পৰ্যন্ত অসমত ভোটদান হাৰ ৮৪.৪২ শতাংশ।প্ৰায় সংখ্যক ভোটকেন্দ্ৰতে এতিয়াও শাৰী ভোটাৰৰ।
- বজালী- ৮৬.৮৯ শতাংশ
- বাক্সা- ৮২.৫২ শতাংশ
- বৰপেটা- ৯১.৯২ শতাংশ
- বিশ্বনাথ- ৮৩.৭৩ শতাংশ
- বঙাইগাঁও- ৯১.৭৭ শতাংশ
- কাছাৰ- ৮২.১৯ শতাংশ
- চৰাইদেউ-৮২.৯১ শতাংশ
- চিৰাং-৮৬.০৬ শতাংশ
- দৰং- ৯০.৯১শতাংশ
- ধেমাজি-৭৯.০৪ শতাংশ
- ধুবুৰী- ৯০.৬৩ শতাংশ
- ডিব্ৰুগড়- ৮০.০২ শতাংশ
- ডিমা-হাচাও- ৭৯.৯৬ শতাংশ
- গোৱালপাৰা- ৯১.৩৪ শতাংশ
- গোলাঘাট- ৮০.৯৬ শতাংশ
- হাইলাকান্দি- ৭৮.৯০ শতাংশ
- হোজাই- ৮৭.১৩ শতাংশ
- যোৰহাট-৭৯.৯৩ শতাংশ
- কামৰূপ মেট্ৰ- ৭৬.৪১ শতাংশ
- কামৰূপ- ৮৬.৮৭ শতাংশ
- কাৰ্বি আংলং-৭৫.৪২ শতাংশ
- কোকৰাঝাৰ- ৮৬.৫৯ শতাংশ
- লখিমপুৰ- ৮৪.৪১ শতাংশ
- মাজুলী-৮৩.৬৭ শতাংশ
- মৰিগাঁও- ৮৮.৯৫ শতাংশ
- নগাঁও- ৮৭.১৮ শতাংশ
- নলবাৰী- ৮৬.৮৯ শতাংশ
- শিৱসাগৰ-৮৩.৩০ শতাংশ
- শোণিতপুৰ- ৮২.২৩ শতাংশ
- দক্ষিণ শালমাৰা-মানকাছৰ- ৯৪.০৮ শতাংশ
- শ্ৰীভূমি- ৮৩.৩৫ শতাংশ
- তামুলপুৰ- ৮২.০০ শতাংশ
- তিনিচুকীয়া- ৭৮.৮৫ শতাংশ
- ওদালগুৰি- ৮২.২৯ শতাংশ
- পশ্চিম কাৰ্বি আংলং- ৭২.৯৪ শতাংশ
