Wednesday, July 9, 2025
Homeঅসমনামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি

নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি

ডিজিটেল ডেস্ক, ২০আগষ্ট: শুকুৰবাৰে ন৩মাজ প্ৰদানৰ বাবে অধিৱেশন স্থগিত ৰখাৰ যুগ যুগ ধৰি চলি অহা প্ৰথা বাতিল কৰি নিয়ম সলনি কৰি অসম বিধানসভাই এক ঐতিহাসিক নিৰ্দেশ গৃহীত কৰিছে। এই পৰম্পৰা ১৯৪৬ চনৰ পৰাই চলি আছিল।

বিগত সময়ত যেতিয়াই কোনো শুকুৰবাৰে বিধানসভাৰ কাম আছিল তেতিয়াই মুছলমান সদস্যসকলে সাপ্তাহিক জুম্মাৰ নামাজ আদায় কৰিব পৰাকৈ পুৱা ১১:৩০ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত স্থগিত ৰখা হৈছিল। ছায়েদ ছাদুল্লাৰ অধ্যক্ষ পদৰ সময়তে এই প্ৰথা আৰম্ভ কৰা হৈছিল য’ত সদনে স্থগিত ৰাখিব যাতে সদস্যসকলে বিয়লি সদনলৈ উভতি আহি বিধানসভাৰ কামত অংশগ্ৰহণ কৰিব পাৰে।

কিন্তু ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ ৰীতি-নীতি প্ৰতিফলিত কৰা এক পদক্ষেপত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই পৰম্পৰাৰ অন্ত পেলোৱাৰ প্ৰস্তাৱ আগবঢ়ায়। দৈমাৰীয়ে কয় যে বিধানসভাখনে শুকুৰবাৰে ধৰ্মীয় বাধা নোহোৱাকৈ কাম কৰিব লাগে, সমতা আৰু বৈষম্যহীনতাৰ নীতিৰ সৈতে সংগতি ৰাখি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments