ডিজিটেল ডেস্ক, ANEWS24X7: ৰঞ্জী ট্ৰফীত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ বৃহৎ জয় ৷ প্ৰথম ইনিংছত পিছ পৰিও চমকপদ জয় অসমৰ ৷ প্ৰতিযোগিতাখনত ঘৰুৱা দল হায়দৰাবাদৰ বিৰুদ্ধে ১৮ ৰানৰ ব্যৱধানত জয় লাভ কৰে অসমে ৷
অসমে দ্বিতীয় ইনিংছৰ অন্তত হায়দৰাবাদৰ বিৰুদ্ধে ২৫০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ ইয়াৰ বিপৰিতে হায়দৰাবাদে ২৩১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে ৷ প্ৰতিযোগিতাখনত অসমৰ ৰিয়ান পৰাগে হায়দৰাবাদৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰে ৷ ৰিয়ান পৰাগে খেলখনত ২৪ টা বলত ৭৮ ৰান সংগ্ৰহ কৰে ৷
খেলখনত ৮ টা উইকেট লাভ কৰে স্পীনাৰ ৰিয়ান পৰাগে ৷ প্ৰথম ইনিংছত চাৰিটা ইউকেট আৰু দ্বিতীয় ইনিংচত চাৰিটা উইকেট লাভ কৰে ৰিয়ান পৰাগে ৷ ৰঞ্জী ট্ৰফীৰ চিজনৰ দ্বিতীয়খন খেলত হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰা অসম দলটোক অভিনন্দন জনাইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে ৷