ডিজিটেল ডেস্ক, A NEWS 24×7 : ধেমাজি, নলবাৰী আৰু যোৰহাটত সফল সমাপ্তিৰ পাছত এইবাৰ গুৱাহাটীত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলিছে। দ্বিতীয়বাৰৰ বাবে অসম গ্ৰন্থমেলাত প্ৰদান কৰিব অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা। ২০২২ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰিছে বিশিষ্ট কথাশিল্পী ড০ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গ্ৰন্থখনে। ]
২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ’ব লগা অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰিব এই বঁটা। এই বঁটাত আছে ৫ লাখ টকাৰ মাননিৰ লগতে প্ৰশস্তি-পত্ৰ আৰু গ্ৰন্থৰ টোপোলা। লগতে শ্ৰেষ্ঠ গল্প প্ৰকাশন বান্ধৱ প্ৰকাশনক প্ৰদান কৰিব ৩ লাখ টকাৰ মাননিৰ লগতে প্ৰশস্তি-পত্ৰ আৰু গ্ৰন্থৰ টোপোলা।
দ্বিতীয়বাৰৰ বাবে গুৱাহাটী গ্ৰন্থ মেলা আৰু উত্তৰ পূব গ্রন্থ মেলা একেলগ হৈ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থ মেলা। ২৯ ডিচেম্বৰৰ ২০২২ ৰ পৰা ৯ জানুৱাৰী ২০২২লৈ হ’ব এই গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত হ’বলগীয়া গ্ৰন্থমেলাক লৈ চলিছে ব্যাপক প্ৰস্তুতি।
গ্ৰন্থমেলাত ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান সমূহৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ কেবাটাও খ্যাতনামা প্ৰকাশন গোষ্ঠীৰ বিপণী থাকিব ৷ ইয়াৰ ভিতৰত আছে দিল্লীৰ ১০টা, কলকতাৰ ১৭টা, মুম্বাইৰ ১টা,ঝাৰখণ্ডৰ ১টা আৰু ঢাকাৰ ১১টা প্ৰকাশন গোষ্ঠী।
