ডিজিটেল ডেস্ক, ১২ফেব্ৰুৱাৰী: অসম চৰকাৰে আজি ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেটত আদিবাসী চাহ শ্ৰমিক সকলৰ বাবে চাকৰিৰ ক্ষেত্ৰত ৩ শতাংশ সংৰক্ষণ ,বাগিছা অঞ্চলত ২১৮ খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন , গৰ্ভৱতী মহিলাৰ চুটি সহ ক্ষতিপূৰণ প্ৰদান ,বাগিছাৰ পথ মেৰামতি কৰণ বাগিছাৰ কৰ্মৰত শ্ৰমিকৰ বেকায়া বিদ্যুত মাচুল ৰেহাই দিয়াৰ বাজেটত উল্লেখ কৰিছে এইয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা )ই আদৰণি জনাইছে ৷
প্ৰেছ বিবৃতিটোত উল্লেখ কৰে যে, ‘আজি বাজেটত আমাৰ বাবে সকলো আচনিত চাহ জনজাতি শব্দটো ব্যৱহাৰ কৰা হৈছে ৷ বাগিছাত আৰু গাওত থকা উৰাং মুণ্ডা কল ভীল কয়া চাওৰা চৱৰ চাওতাল ভূমিজ এই সকল কেতিয়াও চাহ জনজাতি নহয় ৷ যদি এই সকলৰ বাবে বাজেটত আচনি ধৰা হৈছে তেন্তে আদিবাসী হিচাপে হ’ব লাগে ৷ চাহ জনজাতি শব্দটো আমি নামানো৷ আজি বাজেটত চাহ জনজাতি নে আদিবাসী সকলৰ বাবে আচনি ঘোষণা কৰা হৈছে চৰকাৰে স্পষ্ট কৰক ৷ ২০২২ চনৰ ১৫ চেপ্তেম্বৰত পাচঁ টাকৈ বিদ্ৰোহী সংগঠনৰ লগত বিজেপি চৰকাৰখনে চুক্তি কৰিলে সেই চুক্তিৰ আধাৰত আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদ গঠন কৰা হল আৰু চুক্তিত উল্লেখ কৰা মৰ্মে প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে এশ কোটী টকা আৰু ৰাজ্য চৰকাৰে এশ কোটি টকাকৈ প্ৰদান কৰিব ৷ কিন্তু আজি ২০২৪-২৫ বৰ্ষৰ বাজেট আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ বাবে পুজিঁ ধায্য নকৰাটো দূৰ্ভাগ্যজনক’ ৷
বিজেপি চৰকাৰখনে পাচ টাকৈ বিদ্ৰোহী সংগঠনৰ হাজাৰ হাজাৰ কেডাৰৰ স্বভিমানৰ লগত খেলা কৰি আছে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ লগতে হাজাৰ হাজাৰ বিদোহী সংগঠনৰ কেডাৰে পূৰ্ণ আশা আৰু বিশ্বাস কৰিছিল যে ২০২৪-২৫ বাজেটে আদিবাসী ৰাইজৰ ক্ষন্তেক হল আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব কিন্তু এই বাজেটখনে বাগিছাৰ ভোট আদায় কৰাৰ বাবে ষড়যন্ত্ৰ বুলি আছা ৰ সভাপতি প্ৰদীপ নাগ উপসভাপতি দ্বয় দেবেন উৰাং ৰেজান হৰ অভিযোগ উত্থাপন কৰিছে ৷
আদিবাসী সকলক বিজেপি চৰকাখনৰ অকনো আন্তৰিকা নাই তেওঁলোক যে আদিবাসী সকলক ভোট বেংক হিচাপে হে ব্যৱহাৰ কৰিব বিচাৰে এই বাজেটে পুণৰ বাৰ প্ৰমাণ কৰিলে ৷ আদিবাসী চুক্তি সম্পাদন কৰা আজি ঢেৰ বছৰ অতিক্ৰম কৰাৰ পিছতো তাৰ দফা সমূহ কায্যকৰি কৰাৰ ক্ষেত্ৰত চৰকাৰখনে ব্যৰ্থ হৈছে ৷ আদিবাসী চুক্তিৰ আধাৰত আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদ গঠন কৰা হল যদিও আজি এবছৰে নাম মাত্ৰ কিঞ্চিৎ পৰিমাণে পুজি পাইছে বা বিদোহী কেডাৰ সকলৰ সংস্থাপনৰ কোন ধৰণৰ ব্যৱস্থা কৰা নাই ৷ চুক্তি মতে আদিবাসী জনজাতিকৰণ বিষয়টো চৰকাখনে আগবঢ়াই নিয়া নাই ৷
মাত্ৰ বিজেপি চৰকাৰে আদিবাসী সকলক ঠগ প্ৰবঞ্চনা কৰি আহিছে ৷ আদিবাসী সকলৰ সংবিধানিক অধিকাৰ জনজাতিকৰণ ,শুদ্ধ জাতিগত প্ৰমাণ পত্ৰ .বি টি এ ডি , বনাঞ্চল আৰু বাগিছা অঞ্চলত মাটি ম্যাদী পট্টা নোপোৱা পয্যন্ত আছা ই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব ৷ বিজেপি চৰকাৰখন আদিবাসী বিৰোধী চৰকাৰ গতিকে এই চৰকাৰৰ বিৰোধে মাৰবান্ধি ঠিয় হবলৈ অসমৰ সকলো আদিবাসী চাহ শ্ৰমিক ৰাইজক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা)ৰ নেতাত্ৰয়ে বিনম্ৰ আহ্বান জনাইছে ৷