Wednesday, July 9, 2025
Homeঅসমহাঁহি বিৰিঙিল অসম চৰকাৰৰ লাখ-লাখ চৰকাৰী কৰ্মচাৰীৰ মাজত

হাঁহি বিৰিঙিল অসম চৰকাৰৰ লাখ-লাখ চৰকাৰী কৰ্মচাৰীৰ মাজত

ডিজিটেল ডেস্ক, ১০মাৰ্চ: অজন্তা নেওগৰ বাজেটৰ পিছতে হাঁহি বিৰিঙিল অসম চৰকাৰৰ লাখ-লাখ চৰকাৰী কৰ্মচাৰীৰ মাজত।আশাকৰ্মী, পিএম পোষণৰ ৰান্ধনী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকললৈ ভাল খবৰ। ২০২৫ৰ ১ অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক/ চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰৰোল আৰু ৱৰ্ক-চাৰ্জড কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাৰা ভাত্তাৰ ৫০ শতাংশ প্ৰদান কৰিব।

২০২৫ বৰ্ষটো হ’ব ‘কিতাপৰ বৰ্ষ’। চৰকাৰী কৰ্মচাৰীসকলক গ্রন্থ ক্ৰয়ৰ বাবে ১০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।এইবাৰৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকলৈ। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা ৬০ বছৰলৈ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকল পূৰ্বে ১৪ হাজাৰ টকা দৰমহা লাভ কৰিছিল৷ চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সূতবিহীন ঋণ প্ৰদান কৰিব। অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি।

চৰকাৰে ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ (NPS) তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ ওভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ (OPS) সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। বিত্তমন্ত্ৰীয়ে কয় যে ‘‘এইক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা অনুসৰণ কৰিম। লগতে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একীকৃত পেঞ্চন আঁচনিৰ (UPS) সুবিধা আগবঢ়োৱা হ’ব। ইয়াৰ দ্বাৰা ২.৮ লাখ কৰ্মচাৰী উপকৃত হ’ব, যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ৰাখিব পাৰিব।’’

অজন্তা নেওগে বাজেট ঘোষণা কৰে যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষা (শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু সিক্ষা অনুষ্ঠানৰ পুনৰ গঠন) আইন, ২০১৭ অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments