Wednesday, July 9, 2025
Homeঅসমহিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০

হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০

ডিজিটেল ডেস্ক, ২০অক্টোবৰ:ৰাজ্যত দেওবাৰে মুকলি হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অন্যতম ভূমি সংস্কাৰৰ আঁচনি বসুন্ধৰা ৩.০৷ আঁচনিখনৰ তৃতীয়টো সংস্কৰণ মুকলি হ’ল দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আঁচনিখন৷ আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আজি আমাৰ বাবে এটি আনন্দৰ আৰু স্মৰণীয় দিন। সেই অনুসৰি ২০২১ চনৰ ১০ অক্টোবৰত সেই ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ। আৰু ২০২২ চনৰ ১০ মে’ত আমি প্ৰথম সংস্কৰণৰ কাম সমাপ্ত কৰিছিলোঁ।’

মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত বক্তব্য দাঙিধৰি কয় যে মিছন বসুন্ধৰা ৩.০ সফল কৰিবৰ বাবে চাৰি খন আইন সংশোধন কৰিব লগা হৈছে। স্বাধীনতাৰ পাছত প্ৰথম বাৰৰ বাবে খিলঞ্জীয়া লোকক মাটি প্রদান কৰাত সক্ষম হৈছোঁ। এতিয়াৰ পৰা অনুসূচিত জাতিৰ লোকসকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব নালাগে। ইয়াৰোপৰি অনুসূচিত জনগোষ্ঠী লোকে ১৯৫১ চনৰ প্ৰমাণ পত্ৰ দিব নালাগে ৩.০ ত আৰু ১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আছে তেওঁলোকে বসুন্ধৰা ৩.০ ত আবেদন কৰিব পাৰিব৷’

‘অসমৰ চাহ জনজাতি, প্রাক্তন চাহ-জনজাতি, আদিবাসী লোক সকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণট পত্ৰ দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে৷ চাহ, ৰবৰৰ খেতি কৰি থকা খিলঞ্জীয়া লোক সকলে ৩০ বিঘালৈকে ভূমিৰ বাবে আৱেদন কৰিব পাৰিব৷ যদি কোনো লোকে এই মাটি কিনা-বেচা কৰিলে সেই সময়চোৱাত ১০০শতাংশৰ ভিতৰত ৫০শতাংশ প্রিমিয়াম আদায় দিব লাগিব। নগৰাঞ্চলত আছাম টাইপৰ ঘৰ থকাসকলে পূর্বতে ৩০শতাংশ প্রিমিয়াম দিব লাগিছিল, কিন্তু এতিয়া কেৱল তেওঁলোকে মাটিৰ পট্ৰাৰ বাবদ মাত্র ৩শতাংশ প্রিমিয়াম আদায় দিলেই হ’ব।’

‘আসাম টাইপৰ ঘৰ থকা সকলে কিনা বেচা কৰিলে ২৭% প্রিমিয়াম দিব লাগিব। একচনিয়া মাটি যদিহে ম্যাদি পট্টা কৰে তেন্তে মাত্র ১% প্রিমীয়াম দিব লাগিব৷ যিমান মন্দিৰ, নামঘৰ, স্কুল, ক্লাৱ আছে, শ্মশান, কবৰস্থান আছে সেই সমূহক ম্যাদি পট্টা দিয়া হ’ব৷ ৰাজহুৱা অনুষ্ঠানৰ নামত দান দিয়া মাটি সমূহ পুনৰীক্ষণ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্রীয়ে। যদিহে সেই মাটি সমূহ নামত ১২ বছৰে কোনো আপত্তি দর্শোৱা নাই তেন্তে সেই অনুষ্ঠান সমূহৰ নামত ম্যাদী পট্টা দিয়া হ’ব বুলি ঘোষণা কৰিছে। ৰাজহ বিভাগত হোৱা দুৰ্নীতিৰ সন্দৰ্ভতো বক্তব্য দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে চৰকাৰী বিষয়াৰ ভুলৰ বাবে বহুলোকে বৃহৎসংখ্যক মাটি দখল কৰিলে৷ দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত সময়চোৱাত বিভিন্ন বিষয়াই বহু টকা লুটিলে, মুখ্যমন্ত্রীগৰাকীলৈও NC মাটি ক্ৰয় কৰাৰ বাবে অফাৰ আহিছিল বুলি উল্লেখ কৰো’

তেওঁ লগতে কয়, ‘১৯৭১ চনৰ আগত যিসকলৰ বৈধ ৰিফিউজি চাৰ্টিফিকেট আছে, তেওঁলোকে ৩.০ৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। মিছন বসুন্ধৰা ৩.০ৰ আৰম্ভণিত যিমান নগৰ আছে তেওঁলোকে ভূমি পট্টাৰ বাবে কেৱল ১০ শতাংশ প্ৰিমিয়াম দিলেই হ’ব। যদি কোনো লোকে এই মাটিডোখৰ কিনা-বেচা কৰিলে সেই সময়ছোৱাত, তেন্তে ১০০ শতাংশৰ ভিতৰত ৫০শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব। যদি নগৰাঞ্চলত আছাম টাইপৰ ঘৰ থাকে, তেন্তে পূৰ্বতে ৩০ শতাংশ প্ৰিমিয়াম দিব লাগিছিল, কিন্তু এতিয়া কেৱল তেওঁলোকে মাটিৰ পট্টাৰ বাবদ মাত্ৰ ৩ শতাংশ প্ৰিমিয়াম আদায় দিলেই হ’ব। এই ব্যৱস্থাৰ জৰিয়তে নগৰাঞ্চলত বসবাস কৰা লোকসকলে মিছন বসুন্ধৰা ৩.০ত নিশ্চিন্তমনে আৱেদন কৰিব পাৰিব।’

নগৰাঞ্চলত বিল্ডিং বা আৰচিচি ঘৰ থাকিলে ১০ শতাংশ প্ৰিমিয়াম দিব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কিনা-বেচা কৰিলে ৪০ শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব। মিছন বসুন্ধৰা ৩.০ত কোনো লোকে সুবিধা নাপালে, গাঁৱত ৫০ টকা আৰু নগৰাঞ্চলত ১০০ টকা মাচুল দিব লাগিব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments