ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ ডেৰঘণ্টীয়া বৈঠকৰ অন্ত। বৈঠকৰ অন্তত সদ্যপ্ৰাক্তন ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বিজেপিগমনক লৈ কৰিলে ডাঙৰ ঘোষণা। ২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব ভূপেন বৰাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘আজি বহুদিনৰ পাছত পূৰ্বৰ সতীৰ্থ ভূপেন বৰাক লগ পালোঁ। ভূপেন বৰাই ২২ ফেব্ৰুৱাৰী, দেওবাৰে বিজেপিত যোগদান কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিব ভূপেন বৰাই। সভাপতি দিলীপ শইকীয়াই যোগদানৰ অন্য কথাসমূহ আৰু কাৰ্যসূচীসমূহ সদৰী কৰিব। ভূপেন বৰাৰ লগতে বহুকেইগৰাকী নেতাই বিজেপিত যোগদান কৰিব। বাকীসকল নেতাই বিহপুৰীয়া, ৰঙানদীত যোগদান কৰিব। ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পাছত লখিমপুৰত যোগদান সমাৰোহ অনুষ্ঠিত হ’ব। লখিমপুৰৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব। আজি ৰাজনীতিৰ কথা বেছি কথা পতা নাই।’’
‘‘কাইলৈ মই আৰু ভূপেন বৰাই অকলে বহিম। হিন্দু নেতাৰ স্থান নাই কংগ্ৰেছত। অসমীয়া মূলসুঁতিৰ বাবে কাম কৰি আহিছে। মই কালি ভূপেন বৰাৰ লগত কথা পাতিছিলোঁ। ভূপেন বৰাই জালুকবাৰীতো খেলিব পাৰে। আসনৰ কথা আলোচনা কৰা নাই। আজি ভূপেন বৰাৰ ঘৰলৈ অহাটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। মাধৱদেৱ কলাক্ষেত্ৰৰ কাম আৰম্ভ ভূপেন বৰাই। ভূপেন বৰা ‘ফিক্স ডিপোজিট’ নাছিল। ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মই মে’ মাহতে জইন কৰিব বুলি কৈছিলোঁ।’’
