Monday, January 19, 2026
Homeঅসমআঙুলি টোৱাই টোৱাই গৌৰৱ গগৈক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আঙুলি টোৱাই টোৱাই গৌৰৱ গগৈক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘কোনো পাকিস্তানী এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে অসমীয়াই। অসমে আকাশ চোৱাৰ সপোন দেখিছে আৰু আকাশ চুব’।কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰাৰ পাছতে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আধুনিক অসম নিৰ্মাণৰ দিশত মাইলৰ খুঁটিত উপনীত হৈছে আমাৰ ৰাজ্যখন। কাজিৰঙাৰ বন্যপ্ৰাণী ৰক্ষাৰ বাবে ৭ হাজাৰ কোটি টকা উপহাৰ দিছে প্রধান মোদীয়ে। ৩৪ কিঃমিঃ দীঘল এলিভেটেড কৰিড’ৰ অসমবাসীক উপহাৰ দিয়া বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। এলিভেটেড ক’ৰিডৰে যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব ১ঘণ্টা কম কৰিব।’’

‘‘আজি আমি অটল, অবিচল, আত্মবিশ্বাসী জাতিত পৰিণত হৈছোঁ। আমাক কোনোৱে ৰঙাচকু দেখুৱালে মৰণপণ যুঁজলৈ সাজু। অসমীয়া লোকক ৰঙাচকু দেখুওৱাসকলক উচ্ছেদ কৰিছোঁ।’’ কাজিৰঙাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘এতিয়া কাজিৰঙাত কোনেও বেদখল কৰিব নোৱাৰে। কাজিৰঙাত এতিয়া কোনেও গঁড় হত্যা কৰিব নোৱাৰে।’’

এলিভেটেড কৰিড’ৰৰ বিৰোধিতা কৰা গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘গৌৰৱ গগৈয়ে বিৰোধিতা কৰি থাকক। অসমে আকাশ চুৱাৰ সপোন দেখিছে। অসমক দেশৰ এখন শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিম। পাকিস্তানী এজেণ্টৰ ওচৰত আমি শিৰনত নকৰোঁ।’’অসমত দুটা দিনত ৩খনকৈ ৰে’ল উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ। অসমৰ ৰে’ল যোগাযোগৰ এনে উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments