আজিৰ কেবিনেট বৈঠকত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শ অনুসৰি ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ বাবে অসমৰ বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক বিষয় হিচাপে অনুমোদন জনাইছে। ৫০ নম্বৰকৈ দুয়োটা বিষয়ত পৰীক্ষা দিব লাগিব ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে৷ এতিয়াৰে পৰা সমাজ বিজ্ঞান বিষয়টো পৃথক বিষয় হ’ব। একেসময়তে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অসমৰ বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগিব।
শিলচৰৰ ডলু চাহ বাগিচাৰ মাটি বিমান বন্দৰলৈ হস্তান্তৰ কৰা হ’ব বুলি আজিৰ কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে, মিছন বসুন্ধৰাৰ জৰিয়তে ১২০০ লোকলৈ ভূমিৰ অনুমোদন জনাই অসম কেবিনেটে।‘‘গুৱাহাটী ইঞ্জিনীয়াৰিং কলেজত আৰম্ভ হ’ব নতুন প্ৰকল্প। AECত ২৪৩ কোটিৰ নতুন প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ। ১৫ জানুৱাৰীৰ আশে-পাশে আৰম্ভ হ’ব কাম।’’ তেওঁ লগতে কয়, ‘‘কাৰ্বি আংলং জিলাত এখন নতুন সৈনিক স্কুল হ’ব। ৩৩৫ কোটি টকাৰ ব্যয় কৰা হ’ব সৈনিক স্কুলখন নিৰ্মাণৰ বাবে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৮০% ধন ব্যয় কৰিব। ৰাজ্য চৰকাৰে ২০% ধন ব্যয় কৰিব। কাৰ্বি আংলঙৰ লংসাকোঁ নামৰ ঠাইত প্ৰতিষ্ঠা হ’ব সৈনিক স্কুলখন। ভাৰত চৰকাৰে ইতিমধ্যে ১০০ কোটি টকা আবণ্টন দিছে।’’
পোষ্ট মেল’নৰ কনৰ্চাট সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই লোৱা হৈছিল এই সিদ্ধান্ত। পোষ্ট মেল’ন অনুষ্ঠানত চৰকাৰে ব্যয় নকৰে। জুবিনৰ চিনেমা চোৱা নাই বাবে মই পোষ্ট মেল’নক নাচাওঁ। পোষ্ট মেল’ন শ্ব’ৰ উদ্যোক্তা বুক মাই শ্ব’।’’
