Monday, January 19, 2026
Homeঅসমঅসমবাসীৰ বাবে বহুপ্ৰতীক্ষিত এটা দিন

অসমবাসীৰ বাবে বহুপ্ৰতীক্ষিত এটা দিন

কাইলৈ ১২ ডিচেম্বৰ, শুকুৰবাৰ। অসমবাসীৰ বাবে বহুপ্ৰতীক্ষিত এটা দিন। শুকুৰবাৰে আদালতত দাখিল কৰা হ’ব জাতীয় জীৱনৰ মহানায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট।

শুকুৰবাৰে চাৰ্জশ্বীট দাখিলৰ পূৰ্বে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু-ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰু চাৰ্জশ্বীটক লৈ কৰিছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ মন্তব্য, ‘‘SITয়ে কাইলৈ চাৰ্জশ্বীট দিব। চাৰ্জশ্বীট আদালতে পৰীক্ষা কৰিব। দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। কাইলৈৰ পৰা আৰক্ষীৰ কাম শেষ হ’ব। আদালতৰ কাম শেষ হ’ব। মই ভাবো আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে অকাল মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে অসম চৰকাৰে গঠন কৰি দিছিল অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট।

আই পি এছ বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল এছ আই টি। এছ আই টিয়ে প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত শুকুৰবাৰে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট। বিগত তিনিমাহে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ন্যায়ৰ দাবীত নিৰন্তৰ স্থিতি প্ৰকাশ কৰি আহিছে।

ইতিমধ্যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত হৈ বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। একেদৰে, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments