ডিজিটেল ডেস্ক, ২৬অক্টোবৰ: অসমীয়া সাহিত্যৰ এটি নক্ষত্ৰৰ পতন …..। নিৰৱ অভিমানেৰে এক অজান দেশলৈ গুচি গ’ল বিস্ময়ৰ জন্মদাতা । বিস্ময়’ৰে সম্পূৰ্ণ নতুনধাৰা এটি অসমীয়া সাহিত্যত প্ৰতিষ্ঠা কৰি , আজি নিৰৱে আসীমৰ মাজত স্থান বিছাৰি বিস্ময় যুগৰ স্ৰতা শশী ফুকনে আৰম্ভ কৰিলে আৰু উভতি নহাৰ অনন্ত যাত্ৰা ।
ৰহস্য , ৰোমাঞ্চ , অপৰাধেৰে ভৰা উপন্যাস , গল্প আৰু কাহিনীৰ বাবে সুপৰিচিত ” বিস্ময় ” আলোচনীৰ সৃষ্টিকৰ্তা আৰু সম্পাদক আছিল শশী ফুকন । ৰোমাঞ্চকৰ কাহিনীবিলাকক জীৱন্ত কৰি তোলা অসমীয়া সাহিত্যিকসকলৰ বাবে এক বিশেষ স্থান গঢ়ি তোলাৰ বাবে তেওঁৰ প্ৰচেষ্টাত আলোচনীখনে জন্ম লাভ কৰিছিল আৰু পাঠকৰ বাবে বিশেষ কৰি তুলিছিল । “বিস্ময়”ৰ জৰিয়তে শশী ফুকনে পাঠকক ৰহস্যৰে ভৰা জগত আৰু হ’ৰৰ কাহিনীৰ সৈতেত্ত পৰিচয় কৰাই দিছিল । অসমীয়া পাঠকে থ্ৰিলাৰ আৰু ভয়ংকৰ কাহিনীৰ উত্তেজনা অনুভৱ কৰিব পৰা ঠাই এখন বিচাৰি পাইছিল “বিস্ময়” ৰ মাজত ।
১৯৬৮ চনত শশী ফুকনে গুৱাহাটীত এটা ঘৰভাৰা লৈ আছিল । তাতেই তেওঁ ‘বিস্ময়’ নামেৰে এখন আলোচনী উলিওৱাৰ পৰিকল্পনা কৰিছিল । আলোচনীখনৰ নাম কি হ’ব, সেইটো নিদ্ধাৰণ কৰিবলৈ বহুকেইটা নামৰ তালিকা লৈ শশী ফুকন তথা জড়িত কেইজনমান ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ ওচৰলৈ যায় আৰু তেওঁ বিস্ময় নামটো বাচনি কৰি দিয়ে । ১৯৬৯ৰ জানুৱাৰীত বিস্ময়ৰ প্ৰথম সংখ্য প্ৰকাশ পায় ।কপি ছপোৱা হৈছিল এহেজাৰ ।প্ৰথম বছৰ ই দুমাহৰ অন্তৰে অন্তৰে প্ৰকাশ পাইছিল ।১৯৭০ৰ জানুৱাৰীৰ পৰা ই মাহেকীয়া হয় । ১৯৭৩ চনত বিস্ময়ৰ প্ৰকাশক গোষ্ঠিয়ে ভৰলুমুখত নিজাকৈ এটা প্ৰেছ স্থাপন আৰু কাৰ্যালয়টো স্থানান্তৰ কৰে। ১৯৯২ ত বিস্ময়ে অভিলেখ গঢ়ি ১লাখ কপি ছপা কৰিছিল ।শশী ফুকনৰ উদ্যোগতে ৰংঘৰ আৰু প্ৰিয়সখীও প্ৰকাশ পাইছিল । ১৯৬৯ ৰ পৰা প্ৰায় ৫২ বছৰ ধৰি ‘বিস্ময়’ৰ সম্পাদকৰ দায়িত্বত আছিল । দুবছৰ ‘বিস্ময়’ বন্ধ হৈ থকাৰ পিছত চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা পৰা পুনৰ প্ৰকাশ হৈছে ‘বিস্ময়’ ।
জীৱনৰ নাটৰ সামৰি গ’লগৈ তেওঁ । আন্তিম ক্ষণটো আসমীয়া পাঠকসমাজক উপহাৰ দি গ’ল ‘বিস্ময়’।