আজি চতুৰ্থ বৰ্গৰ ৩৩৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে অসম চৰকাৰে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰদান কৰা হয় নিযুক্তিপত্ৰ।
নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘চাকৰি পোৱাসকলে এবছৰৰ ভিতৰত বিয়া পাতি বিয়াৰ চিঠি মোলৈ পঠাব৷ যিসকলে বিয়া পাতিছে তেওঁলোকে সোনকালে সন্তান জন্ম দিয়ক৷ উজনিৰ ফালে ৰাস্তাত সৰু ল’ৰা-ছোৱালী নেদেখাই হ’লো৷ ধুবুৰী, গোৱালপাৰাৰ ফালে গ’লে এখন ঘৰতে ৭-৮টা সন্তান আছে৷’’ প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷
আনহাতে, মুখ্যমন্ত্ৰীয়ে কয় যে চাকৰি বদলিকৰণৰ বাবে নতুন প’ৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে৷ স্বাগত সতীৰ্থ নামৰ প’ৰ্টেলৰ জৰিয়তে বদলি কৰিব পাৰিব চাকৰিৰ স্থান৷ যোৱা বছৰ ১০ হাজাৰৰো অধিক লোকক বদলি কৰিছে৷ নতুনকৈ নিযুক্তি পোৱা সকলক যিমান পাৰি নিজৰ জিলাতে দিবলৈ চেষ্টা কৰা হৈছে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই৷ স্বাগত সতীৰ্থ প’ৰ্টেল বছৰত দুবাৰৰ বাবে খোলা হ’ব৷ এই প’ৰ্টেলৰ জৰিয়তে ঘৰৰ পৰাই বদলি হ’ব পাৰিব৷ ১ ফেব্ৰুৱাৰীত বদলিৰ কাৰণে খুলি দিয়া হ’ব প’ৰ্টেল৷
