ডিজিটেল ডেস্ক,ANEWS24X7: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে (২ ছেপ্টেম্বৰ) কয় যে ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ প্ৰস্তাৱিত বিধেয়কখনৰ সন্দৰ্ভত অসমৰ জনসাধাৰণৰ পৰা এতিয়ালৈকে মুঠ ১৪৯টা পৰামৰ্শ ৰাজ্য চৰকাৰে লাভ কৰিছে।মুখ্যমন্ত্ৰী শৰ্মাই অৱশ্যে কয় যে যদিও ১৪৬টা পৰামৰ্শ বিধেয়কখনৰ সপক্ষে আছিল, যিয়ে জনসাধাৰণৰ প্ৰবল সমৰ্থনৰ ইংগিত দিয়ে, তথাপিও তিনিটা সংগঠনে বিধেয়কখনৰ বিৰোধিতা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে এতিয়া আগন্তুক ৪৫ দিনত ৰাজ্যত বহুবিবাহ নিষিদ্ধকৰণৰ বিধেয়কখনৰ চূড়ান্ত খচৰা প্রস্তুত সম্পূর্ণ কৰাৰ বাবে প্রক্রিয়াৰ পৰবর্তী পর্যায়লৈ আগবাঢ়িব৷“বহুবিবাহ নিষিদ্ধ কৰাৰ প্ৰস্তাৱিত বিধেয়কৰ ওপৰত আপডেট-আমাৰ ৰাজহুৱা জাননীৰ প্ৰতি সঁহাৰি জনাই আমি মুঠ ১৪৯টা পৰামৰ্শ পাইছো। ইয়াৰে ১৪৬টা পৰামৰ্শ বিধেয়কখনৰ সপক্ষে আছে, যিয়ে জনসাধাৰণৰ শক্তিশালী সমৰ্থনৰ ইংগিত দিয়ে।
অৱশ্যে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে ৩টা সংগঠনে। আমি এতিয়া এই প্ৰক্ৰিয়াৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িম, যিটো হ’ল অহা ৪৫ দিনত বিধেয়কখনৰ চূড়ান্ত খচৰা প্ৰস্তুত কৰা।’-এইদৰে মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বে টুইটাৰ এক্সত প্ৰকাশ কৰে। অসম চৰকাৰে চলিত বৰ্ষৰ আগষ্ট মাহত ৰাজহুৱা জাননীৰ জৰিয়তে ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ প্ৰস্তাৱিত বিধেয়ক সন্দৰ্ভত জনসাধাৰণৰ পৰামৰ্শ আৰু মতামত বিচাৰিছিল। ৩০ আগষ্টৰ ভিতৰত ৰাইজক পৰামৰ্শ প্ৰেৰণ কৰিবলৈ কোৱা হয়।