ডিজিটেল ডেস্ক, ANEWS24X7: গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত আছে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ দাসক।
তিনিওকে লৈ সোমবাৰে মেঘালয়ত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহ। চেৰাপুঞ্জীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শংকৰী দে’ৰ মৃতদেহ। কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ। সেয়েহে আজি পুৱাই পুনৰ অভিযান চলাবলৈ মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।
উল্লেখযোগ্য যে, সম্পত্তিৰ লালসাত অন্ধ হৈ বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল। পৰকীয়া প্ৰেমিক ধনটি ডেকা আৰু ধনটিৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি সংঘটিত কৰিছিল এই লোমহৰ্ষক হত্যাকাণ্ড।