ডিজিটেল ডেস্ক,ANEWS24X7: গুৱাহাটীৰ পল্টনবজাৰ থানাত নিয়োজিত অসম আৰক্ষীৰ এগৰাকী ২৬ বছৰীয়া মহিলা কনিষ্টবলৰ মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীত চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে।মধ্য অসমৰ নগাঁও জিলাৰ বঢ়মপুৰৰ বাসিন্দা আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকা বিগত নিশাৰ পৰা সন্ধানহীন হৈ আছিল।
খবৰ অনুসৰি, শিলসাঁকো উচ্ছেদ স্থানত তেওঁক কৰ্তব্য নিযুক্তি দিয়া হৈছিল, যিটো দায়িত্বত তেওঁ তীব্ৰ আপত্তি কৰিছিল। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ ওচৰত বাৰে বাৰে আবেদন জনোৱাৰ পিছতো তেওঁৰ উদ্বেগক উপেক্ষা কৰা হ’ল, আৰু তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে উচ্ছেদ স্থানত তেওঁক নিয়োগ কৰা হ’ল।
মঙলবাৰে পুৱা শৰাইঘাট দলঙত তেওঁৰ মোবাইল ফোন, চেণ্ডেল, চশমা, আৰু এখন ছুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰ নদীত জপিয়াই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।“শিলসাঁকো উচ্ছেদ স্থানত কৰ্তব্যৰ দায়িত্ব দিয়াত গায়ত্ৰী হাজৰিকা দৃশ্যমানভাৱে বিচলিত হৈছিল। যদিও উচ্ছেদ অভিযানত তাইক চাৰিদিনীয়া কৰ্তব্যৰ দায়িত্ব দিয়া হৈছিল, তথাপিও কোনো এটা দিনতে তাই কৰ্তব্যৰ বাবে ৰিপৰ্ট দিয়া নাছিল।’অবশ্যে কোনো বিষয়াৰ নাম উল্লেখ কৰা নাই।
আগনিশাৰ পৰা তাই ফোন কলৰ কোনো সঁহাৰি দিয়া নাছিল। আজি পুৱা ৫ বজাত পৰিয়ালৰ লোকে ফোন লাভ কৰি শৰাইঘাট দলঙত তেওঁৰ মোবাইল ফোন, চেণ্ডেল আৰু চশমা উদ্ধাৰ হোৱা বুলি জনায়।
লগে লগে পৰিয়ালটোৱে নগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰে। মৃত্যুৰ সময়ত গায়ত্ৰী হাজৰিকাই মাতৃ, ভাতৃ, ভগ্নীক এৰি থৈ যায়। মাত্ৰ চাৰিদিন পূৰ্বে গৃহ চহৰৰ পৰা গুৱাহাটীলৈ আহিছিল মৃত কনিষ্ঠবল গৰাকী।