ডিজিটেল ডেস্ক, ৯জুলাইঃ অসমত বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা! দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ বাবে প্ৰস্তাৱ। মন্ত্ৰী-বিধায়কৰ দৰমহা ৫০% বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াকে লৈ বিধানসভাৰ উপাধ্যক্ষৰ অধ্যক্ষতাত গঠন হ’ল কমিটী। ৩জনীয়া কমিটীয়ে এমাহৰ ভিতৰত দিব লাগিব প্ৰতিবেদন।
দেশৰ অন্য ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহাৰ খতিয়ান ল’ব এই কমিটীয়ে। কমিটীৰ প্ৰথমখন বৈঠক সোমবাৰে অনুষ্ঠিত হয়। বিধানসভাৰ GNB ব্লিডিঙত অনুষ্ঠিত হৈছিল বৈঠক। ২০১৮ত অন্তিমবাৰৰ বাবে বৃদ্ধি হৈছিল বিধায়কৰ দৰমহা।