Saturday, March 28, 2026
Homeঅসমবতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ!

বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ!

ৰাজ্যত প্ৰবল ধুমুহা-বৰষুণৰ সতৰ্কবাণী। আজি ৰাজ্যৰ কেইবাখনো জিলাত মূষলধাৰ বৰষুণৰ লগতে ৭০-৮০ কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা। কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু ইয়েল’ এলাৰ্ট। কোন কোন জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী?

RWFC Guwahatiৰ তথ্য অনুসৰি, আজি কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট আৰু ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰি, বাক্সা, নলবাৰী আৰু বৰপেটা জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই জিলাকেইখনত মূষলধাৰ বৰষুণ, বিজুলি-ঢেৰেকনি, বজ্ৰপাতৰ লগতে প্ৰতিঘণ্টাত ৭০-৮০ কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা।RWFC Guwahatiৰ তথ্য অনুসৰি, ধেমাজি, লখিমপুৰ, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। এই জিলাসমূহত বিজুলি-ঢেৰেকনিৰ লগতে হ’ব পাৰে বৰষুণ।

আনহাতে, শোণিতপুৰ, দৰং, তামুলপুৰ, কামৰূপ মহানগৰ, কামৰূপ, বজালী, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু মানকাচৰ জিলাতো জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। এই জিলাসমূহতো বিজুলি-ঢেৰেকনিৰ লগতে হ’ব পাৰে বৰষুণ। বৰষুণৰ লগতে চিৰাং, কামৰূপ, কামৰূপ মহানগৰ জিলাত প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত বলিব পাৰে বতাহ।ওদালগুৰি, দৰং, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, নলবাৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত প্ৰতিঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা।

ইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বাক্সা, বৰপেটা, ওদালগুৰিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মহানগৰ জিলাতো প্ৰৱল বৃষ্টিপাতৰ আগজাননী। কামৰূপ, নলবাৰী, দৰং আদি জিলাতো হ’ব পাৰে ধুমুহা-বৰষুণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments