ৰাজ্যৰ কেইবাখনো জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। সতৰ্কবাণী জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণ, বিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে। লগতে প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বলিব পাৰে বতাহ।
কোনসমূহ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী? চাওঁ আহক হালধীয়া সতৰ্কবাণী জাৰি কৰা জিলাসমূহ।
তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। ধেমাজি-তিনিচুকীয়া জিলাত মূষলধাৰ বৰষুণৰ লগতে বিজুলি-গাজনিসহ ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বলিব পাৰে বতাহ। লখিমপুৰ-ডিব্ৰুগড় জিলাত বৰষুণৰ লগতে ধুমুহা-গাজনি হ’ব পাৰে।
কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাত জাৰি কৰা হৈছে ইয়েল’ সতৰ্কবাণী। এই জিলাকেইখনত বৰষুণৰ লগতে ধুমুহা-গাজনি হ’ব পাৰে।শোণিতপুৰ, দৰং, ওদালগুৰি, কামৰূপ মেট্ৰ’, কামৰূপ, ওদালগুৰি, তামুলপুৰ, নলবাৰী, বৰপেটা, বাক্সা, বজালী, চিৰাং আৰু বঙাইগাঁও জিলাতো জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। বাক্সা, চিৰাং আৰু বৰপেটা জিলাত মূষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত হ’ব পাৰে ধুমুহা।
