ডিজিটেল ডেস্ক, ANEWS24X7:মুখ্যমন্ত্রীৰ বিশেষ ধ্বজাবাহী আঁচনিৰ জৰিয়তে ৰাজ্যৰ পশুপালন ক্ষেত্ৰখনত গাহৰি উৎপাদন আৰু কণী উৎপাদন বৃদ্ধিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে ।
ৰাজ্যখনত গাহৰি আৰু কণীৰ চাহিদা আৰু সম্ভাৱনাপূৰ্ণ বজাৰৰ প্ৰতি দৃষ্টি ৰাখি এই ক্ষেত্ৰখনত ইচ্ছুক লোকসকল এই আঁচনিৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা পাঁচ বছৰৰ ভিতৰত ৰাজ্যখন কণী আৰু মাংসৰ উৎপাদনত স্বনিৰ্ভৰশীল কৰাৰ বাবে ইতিমধ্যে বিশেষভাৱে নির্দেশ প্রদান কৰিছে।
এই আঁচনিখন মুখ্যমন্ত্ৰীৰ এক সপোনৰ আঁচনি আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ হেজাৰ হেজাৰ যুৱক-যুৱতী উপকৃত হ’ব পাৰিব, লগতে ৰাজ্যখনৰ অর্থনৈতিক ভেটিও শক্তিশালী হ’ব। বর্তমান বিত্তীয় বৰ্ষৰ বাবে কণী উৎপাদনৰ ক্ষেত্ৰত ৫.১২ কোটি টকা আৰু গাহৰি উৎপাদনৰ ক্ষেত্ৰত ৭.৮৮ কোটি টকা ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্রীৰ বিশেষ ধ্বজাবাহী আঁচনিৰ জৰিয়তে ৰাজ্যৰ পশুপালন ক্ষেত্ৰখনত গাহৰি উৎপাদন আৰু কণী উৎপাদন বৃদ্ধিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে ।
ইপিনে অহা পাঁচ বছৰৰ বাবে মুঠ কণী উৎপাদনৰ বাবে ২১৩.৭৮ কোটি টকা আৰু গাহৰি উৎপাদনৰ বাবে ৬০৯ কোটি টকাৰ আঁচনি ইতিমধ্যে অনুমোদিত হৈছে। এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱা লোকসকলৰ লগতে যুৱক-যুৱতীসকলে ৩৩ ৰ পৰা ৫০ শতাংশ পর্যন্ত ৰাজসাহায্য লাভ কৰিব।
পশুপালন ক্ষেত্ৰখনত বৰ্তমানলৈ এই আঁচনি এক বৃহৎ আঁচনি হিচাপে পৰিগণিত হৈছে। আগ্ৰহীসকলে জিলা পশুপালন বিষয়া অথবা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
ইয়াৰ উপৰি পশুপালন আৰু পশু চিকিৎসা বিভাগ (www.animalhusbandry.assam.gov.in) আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম (www.alpco.assam.gov.in)ৰ Website জৰিয়তে বিতং তথ্য লাভ কৰিব পাৰিব ।