অৰুণাচলৰ হাইলঙত ভয়ংকৰ দুৰ্ঘটনা। পাহাৰৰ তলত পৰিল শ্ৰমিক কঢ়িওৱা ট্ৰাক। দুৰ্ঘটনাত অসমৰ ২২জন শ্ৰমিকৰ মৃত্যু
বুদ্ধেশ্বৰ দীপ নামৰ শ্ৰমিকজনক জীৱন্তে উদ্ধাৰ। হাইলং-চাকলাগাম পথৰ মেটেলিয়াঙৰ সমীপত এই দুৰ্ঘটনা। বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান।
সোমবাৰে নিশা তিনিচুকীয়াৰ পৰা হায়ুলিয়াং–ছাগলাহগাম অভিমুখী এখন ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পাহাৰৰ কাষৰ দ’ গাঁতত পৰাৰ ফলত প্ৰায় ২২ জন শ্ৰমিকৰ মৃত্যু হয়। ইয়াৰে বুধেশ্বৰ দীপ নামৰ এজন শ্ৰমিকে প্ৰাণ বচাই আহি কেম্পত ঘটনাৰ ব্যাখ্যা কৰাত অঞ্চলটোত উদ্ধাৰ অভিযান চলোৱা হয়।
ইতিমধ্যে ঘটনাস্থলীত ১৩গৰাকীৰ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীসকলৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। মৃত শ্ৰমিকসকলৰ ভিতৰত আছে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ ১৮গৰাকী শ্ৰমিক। উল্লেখ্য যে ডাম্পাৰখনত আছিল ২৩গৰাকী শ্ৰমিক। আহতজনৰ মোবাইল ফোন ঘটনাস্থলীতেই পৰি যোৱা বাবে আৰু সেই অঞ্চলত নেটৱৰ্ক সংযোগ নথকাৰ বাবে পৰিয়ালৰ লোকেও দুৰ্ঘটনাৰ বিষয়ে গম পোৱা নাছিল।
তিনিচুকীয়াৰ গেলাপুখুৰীৰ চাহ বাগিচাৰ পৰা গৈছিল বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বীৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতী, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডা।
