ডিজিটেল ডেস্ক, ২৬জুলাই: প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱা চাৰিদিন অতিক্ৰম কৰিলে। ধাৰাবাহিক অভিযানৰ পিছতো আৰক্ষীয়ে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই বৰুৱাৰ। যিমানেই সময় গৈছে সিমানেই চিন্তা বাঢ়িছে পৰিয়ালৰ, উদ্বিগ্ন হৈ পৰিছে অসমবাসী। ক’লৈ যাব পাৰে ৰমেন বৰুৱা? তাৰ উত্তৰ বিচাৰি এতিয়া হায়ৰান সকলো। আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে, ব্ৰহ্মপুত্ৰত অভিযান চলাইছে এছডিআৰএফ-এনডিআৰএফে। কিন্তু সকলোতে বিফল। কোনো শুংসূত্ৰ নাই।
ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱাৰ নিৰুদ্দেশ সন্দৰ্ভত কৰিলে মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, অহাৰ প্ৰমাণ নাই। যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে, তেন্তে সকলো নিয়তিৰ পৰিহাস বুলি মানি লোৱা উচিত। উচ্চ ন্যায়লয়ৰ অধিবক্তাৰ সৈতে কথা পাতিছোঁ, তেওঁ নদীলৈ গৈছে, কিন্তু ঘূৰি অহা নাই। ৰাতিপুৱাৰ ভাগত প্ৰচণ্ড মানসিক চাপ পাইছিল, যাৰ বাবে তেওঁ নদীলৈ গুচি গৈছিল।’’