Thursday, November 7, 2024
Homeঅসম'অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে' অসমীয়াৰ সন্দৰ্ভত চূড়ান্ত অপমানসূচক মন্তব্য

‘অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে’ অসমীয়াৰ সন্দৰ্ভত চূড়ান্ত অপমানসূচক মন্তব্য

ডিজিটেল ডেস্ক, A NEWS 24×7 : ৰেডিশ্যন ব্লুত আতিথ্য লৈ যোৱা মহাৰাষ্ট্ৰৰ বিধায়কৰ অসমীয়াৰ সন্দৰ্ভত চূড়ান্ত অপমানসূচক মন্তব্য। মহাৰাষ্ট্ৰৰ বিধায়ক তথা প্ৰহৰ জনশক্তি পাৰ্টিৰ মুৰব্বী বচ্চু কাডুৱে দিয়া এক অদ্ভুত মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ।

মহাৰাষ্ট্ৰৰ বিধানসভা অধিৱেশনৰ সময়ত ৰাজপথত পোৱা ঘৰচীয়া কুকুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়ক বচ্চু কাডুৱে পথৰ কুকুৰক অসমলৈ প্ৰেৰণ কৰাৰ এক অদ্ভুত প্ৰস্তাৱ আগবঢ়ায়। কাডুৰ মতে অসমৰ লোকসকলে কুকুৰৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে। সেয়েহে কুকুৰৰ সমস্যাটো মোকাবিলা কৰাৰ বাবে এয়া এক কাৰ্য্যকৰী সমাধান হ’ব। খাদ্য হিচাপে খোৱাৰ বাবে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পথৰ কুকুৰ ৰপ্তানি কৰাৰ ধাৰণাটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিধায়ক বচ্চু কাডুৰ এই মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। পশু অধিকাৰ কৰ্মীসকলে তেওঁৰ এই পৰামৰ্শক অমানৱীয় আৰু অতিশয় ক্ষোভজনক বুলি তীব্ৰ সমালোচনা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments