ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ বহি: ৰাজ্যত হত্যা কৰা হ’ল অসমৰ যুৱকক ৷ বিশ্বনাথৰ মোনাবাৰীৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ গোদাবাৰীত ৷ কামৰ সন্ধানত বহি: ৰাজ্যলৈ যোৱাৰ সময়তে উদ্ধাৰ হৈছে মৃতদেহ ৷ চেন্নাইত হোটেলত কাম কৰিবলৈ গৈছিল কুমাৰ লামা ৷
২১ মে ত বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচনৰ পৰা উঠিছিল ৰেলত ৷ অন্ধপ্ৰদেশৰ ৰাজমান্দ্ৰী থানাৰ লগত যোগাযোগ কৰিছে পৰিয়ালৰ লগত ৷ মৃত ব্যক্তিজনৰ ফটো প্ৰেৰন কৰিছে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৷ ফটোত আঘাতৰ চিন স্পষ্ট কুমাৰ লামাৰ দেহত ৷ পৰিয়ালৰ লোকৰ দাবী হত্যা কৰা হৈছে কুমাৰ লামাক ৷ কুমাৰ লামাৰ মৃতদেহ ঘৰলৈ ওভতাই আনিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷
সৌ সিদিনা গহপুৰৰ বাবুল বৰুৱা নামৰ যুৱক জনক বিহাৰৰ কিষানগঞ্জত হত্যা কৰাৰ বাতৰি মাৰ নৌ যাওঁতেই পুনৰ বহি: ৰাজ্যত হত্যা কৰা হ’ল অসমৰ বিহালীৰ যুৱকক ৷
